Financial scam: ১৪ লাখ টকাৰ বিত্তীয় কেলেংকাৰীৰ গোচৰৰ দুবছৰৰ পাচত জিপি সম্পাদকক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 10:55 PM IST

thumbnail

কাছাৰ, ৩ আগষ্ট: কাছাৰ জিলাৰ তাৰাপুৰ জিপিৰ প্ৰাক্তন সম্পাদক অমিতাভ নাথক চৰকাৰী উন্নয়ন পুঁজিৰ অপব্যৱহাৰৰ পুৰণি গোচৰত দেওবাৰে আদালতে দুদিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰে । কাছাৰ জিলাৰ তাৰাপুৰ জিপিৰ প্ৰাক্তন সম্পাদক অমিতাভ নাথক দুবছৰ পূৰ্বৰ দশম বিত্ত আয়োগৰ ১৪ লাখ টকাৰ বিত্তীয় কেলেংকাৰী গোচৰত শুকুৰবাৰে নিশা তাৰাপুৰ অঞ্চলৰ নিজা ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আজি কাছাৰ আৰক্ষীয়ে অভিযুক্ত জিপিৰ সম্পাদক অমিতাভ নাথক আদালতত হাজিৰ কৰি অধিক তথ্য আহৰণৰ বাবে নিজ জিম্মাত বিচাৰে ৷ আদালতে শুনানী গ্ৰহণ কৰি তেওঁক দুদিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে ।

২০২১ চনত তাৰাপুৰ জিপিত কৰ্মৰত থকা সময়তে অমিতাভ নাথৰ বিৰুদ্ধে চতুৰ্দশ বিত্ত আয়োগৰ পৰা ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন গৈছিল ৷ তেতিয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই ৰাইজৰ অভিযোগৰ ভিত্তিত সমগ্ৰ ঘটনাৰ ওপৰত চকু ৰাখিছিল ৷ সেই গোচৰতে কাছাৰ আৰক্ষীয়ে বৰ্তমান কাছাৰৰ সপ্তগ্ৰাম জিপিৰ সম্পাদক অমিতাভ নাথক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে অভিযোগ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে যদিও ৰহস্যজনকভাৱে দীৰ্ঘদিন ধৰি কোনো ধৰণৰ ইতিবাচক ব্যৱস্থা গ্ৰহণ নকৰিলে । কিন্তু বহু পলম হোৱাৰ পাচতো হঠাৎ আৰক্ষী সক্ৰিয় হৈ পৰিল আৰু একচন মুডত দেখা গ’ল ।

লগতে পঢ়ক: Crackdown on child marriage: বাল্যবিবাহৰ বিৰুদ্ধে পৰৱৰ্তী অভিযানত বৃহৎ গ্ৰেপ্তাৰৰ সম্ভাৱনা; মুখ্যমন্ত্ৰীয়ে দিলে ইংগিত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.