77th independence day: স্বাধীনতা দিৱসৰ বাবে মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী

By

Published : Aug 14, 2023, 2:22 PM IST

thumbnail

গুৱাহাটী, ১৪ আগষ্ট : মঙলবাৰে ৭৭ সংখ্যক স্বাধীনতা দিৱস । স্বাধীনতা দিৱসক লৈ দেশৰ লগতে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । স্বাধীনতা দিৱসত যাতে কোনো কূটাঘাত মূলক ঘটনা সংঘটিত নহয় তাৰ বাবে মহানগৰ আৰক্ষীয়ে নিৰাপত্তা গঢ়ি তুলিছে । ৰে'ল পথ,নদী পথৰ লগতে মহানগৰীৰ আলিয়ে গলিয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে ।

গুৱাহাটী ৰে'লৱে ষ্টেচন, কামাখ্যা ৰে'লৱে ষ্টেচন, বিমান কোঠ, জালুকবাৰী, মালিগাঁও, পল্টনবজাৰ, ফাঁচী বজাৰ, গণেশগুৰি, ছয়মাইল আদিকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ তালাচী অভিযান চলিছে । তদুপৰি গুৱাহাটীৰ পাহাৰীয়া স্থানত ডগ স্কোৱাডৰ সহায়ত তালাচী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।  

ইপিনে, উল-মালহেৰে খানাপাৰা খেল পথাৰত স্বাধীনতা দিৱসৰ আয়োজন কৰা হৈছে । ইতিমধ্যে পেৰেডৰ বাবে সাজু কৰা হৈছে আৰক্ষীৰ বিভিন্ন গোটৰ লগতে এন চি চিৰ গোট সমূহক । চূড়ান্ত আখৰা সম্পন্ন হৈছে পেৰেডৰ । আনহাতে, মহানগৰীৰ বজাৰ, পদপথ জাতীয় পতাকা, ৰঙ বিৰঙী বেলুন, পতাকা আৰ্হিৰ বেজ, টুপি, টি চাৰ্ট দেখিবলৈ পোৱা গৈছে । মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কূটাঘাটমূলক কিবা খবৰ পালে আৰক্ষী প্ৰশাসনক জনাবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: 77th independence day : কোন মন্ত্ৰীয়ে, ক’ত তুলিব স্বাধীনতা দিৱসৰ পতাকা ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.