ETV Bharat / state

77th independence day : কোন মন্ত্ৰীয়ে, ক’ত তুলিব স্বাধীনতা দিৱসৰ পতাকা ?

author img

By

Published : Aug 14, 2023, 12:53 PM IST

Updated : Aug 14, 2023, 1:32 PM IST

কাইলৈ দেশবাসীয়ে উদযাপন কৰিব ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ ইতিমধ্যে অসম চৰকাৰেও প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ কাইলৈ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব পতাকা, ইতিমধ্যে চৰকাৰে প্ৰকাশ কৰিছে তালিকা ৷

Which minister where will the flag be hoisted in Assam
৭৭ সংখ্যক স্বাধীনতা দিৱস

তেজপুৰ, ১৪ আগষ্ট : কাইলৈ সমগ্ৰ দেশে উদযাপন কৰিব ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তটো ইতিমধ্যে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৷ ৰাজা ঘৰ, প্ৰজা ঘৰ সকলোতে কাইলৈ দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব ৷ সকলোতে প্ৰস্তুতি তুংগত উঠিছে ।

অসম চৰকাৰেও এইবাৰ স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে অসমৰ জিলাসমূহৰ ক’ত, কোন মন্ত্ৰী উপস্থিত থাকিব আৰু কোনে, ক’ত জাতীয় পতাকা উত্তোলন কৰিব তাৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে ৷ সেই তালিকা মতে, স্থান অনুসৰি পতাকা উত্তোলন কৰা মন্ত্ৰীকেইগৰাকী নাম তলত উল্লেখ কৰা হ’ল -

Which minister where will the flag be hoisted in Assam
৭৭ সংখ্যক স্বাধীনতা দিৱস

গুৱাহাটীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,

গোলাঘাটত অতুল বৰা,

শোণিতপুৰত চন্দ্রমোহন পাটোৱাৰী,

যোৰহাটত অজন্তা নেওগ,

নগাঁৱত পীযুষ হাজৰীকা,

লখিমপুৰত কেশৱ মহন্ত,

বৰপেটাত ৰণজিৎ কুমাৰ দাস,

দৰং জিলাত উৰ্খাও গৌড়া ব্ৰহ্ম,

শিলচৰত পৰিমল শুক্লবৈদ্য,

কোকৰাঝাৰত প্ৰমোদ বড়ো,

ডিফুত তুলিৰাম ৰংহাং,

হাফলঙত দেবলাল গাৰ্লোচা,

ওদালগুৰিত গোবিন্দ বসুমতাৰী,

শিৱসাগৰত জয়ন্ত মল্ল বৰুৱা,

গোৱালপাৰাত অশোক সিংহল,

কামৰূপ গ্ৰাম্য বিমল বড়া,

তিনিচুকীয়াত নন্দিতা গাৰ্লোচা,

ডিব্ৰুগড়ত ডাঃ ৰণোজ পেগু,

নলবাৰীত সঞ্জয় কৃষণ আৰু

বঙাইগাঁৱত যোগেন মহন ।

ইফালে প্ৰত্যেক বছৰৰ দৰে এইবাৰো আলফা স্বাধীনৰ দ্বাৰা ৰাজ্যত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচী বৰ্জন কৰিছে । ইয়াৰ মাজতে ৰাজ্য চৰকাৰে সুৰক্ষাৰ দিশত নিৰাপত্তা বেষ্টনী আৰু অধিক কটকটীয়াকৈ গঢ়ি তুলিছে ৷

ইয়াৰে সমান্তৰালকৈ চিআৰপিএফৰ উদ্যোগতো ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বাহিৰ কৰে সমদল ৷ দেওবাৰে লখিমপুৰত চিআৰপিএফ বাহিনীয়ে ৰাইজক লগত লৈ হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা সমদল বাহিৰ কৰে ৷ নলবাৰীত চিআৰপিএফৰ উদ্যোগত বাহিৰ কৰা হয় বাইক ৰেলী ৷

স্বাধীনতা দিৱসৰ দিনা যাতে ৰাজ্য তথা দেশৰ সকলো নাগৰিকে মুকলিকৈ ওলাই আহিব পাৰে, লগতে সকলো কাৰ্যসূচীতে মুকলিকৈ অংশগ্ৰহণ কৰি দেশ প্ৰেমত উদ্বুদ্ধ হ’ব পাৰে, এয়াই চিআৰপিএফৰ বাইক ৰেলীৰ উদ্দেশ্য ৷

লগতে পঢ়ক : 77th independence day : লখিমপুৰত CRPF ৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা শীৰ্ষক সমদল

Last Updated : Aug 14, 2023, 1:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.