Traditional boat race in Barpeta : মন্দিয়াত বিৰাট নাওখেল প্ৰতিযোগিতা; ৰাইজৰ চকুৰ মণি নাৱৰ বৃহৎ জয়লাভ

By

Published : Aug 17, 2023, 4:02 PM IST

Updated : Aug 17, 2023, 5:02 PM IST

thumbnail

জনীয়া, ১৭ আগষ্ট : বৰপেটাৰ জিলাৰ বাঘবৰ সমষ্টিৰ মন্দিয়া বজাৰ পৰিচালনা কমিটীৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে বুধবাৰে বিৰাট নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ মন্দিয়া বেলেঙী নৈত এদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই নাওখেল প্ৰতিযোগিতাখনি পৰাম্পৰাগতভাৱে অসম ভিত্তিত অনুষ্ঠিত কৰা হয় ।

এই নাওখেল চাবলৈ মন্দিয়া বেলেঙী নৈৰ পাৰত সমবেত হয় হাজাৰ হাজাৰ দৰ্শক ৷ স্বাধীনতা দিৱসৰ দিনা একপ্ৰকাৰে লোকাৰণ্য হৈ পৰে মন্দিয়া বেলেঙী নৈৰ পাৰ । নাওখেল পৰিচালনা কমিটীয়ে উল্লেখ কৰা অনুসৰি, A গ্ৰুপত ১০ খন নাও আৰু B গ্ৰুপত ১২ খন নাৱে অংশগ্ৰহণ কৰে ৷

উক্ত নাও খেলত ৰাইজৰ চকুৰ মণি নাৱে বৃহৎ জয় লাভ কৰে । ইপিনে প্ৰথম ৰাউণ্ডত আফচাৰ আলীৰ আল আমিন নাওখনৰ পৰাজয় হয় । জানিব পৰা মতে, নাওখেলৰ A গ্ৰুপৰ প্ৰথম পুৰস্কাৰ হিচাবে ৭১ হাজাৰ টকাৰ লগতে ট্ৰফী, দ্বিতীয় পুৰস্কাৰ ৫১ হাজাৰ টকাৰ লগতে ট্ৰফী প্ৰদান কৰা হয় ।

আনহাতে, B গ্ৰুপৰ প্ৰথম পুৰস্কাৰ হৈছে ৩১ হাজাৰ টকাৰ লগতে ট্ৰফী আৰু দ্বিতীয় পুৰস্কাৰ ২১ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰা হয় । উক্ত নাওখেল প্ৰতিযোগিতাৰ A গ্ৰুপৰ প্ৰথম পুৰস্কাৰ লাভ কৰে বাঘবৰৰ ৰাইজৰ চকুৰ মণি আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে কলগাছিয়াৰ আমগুৰিৰ সোণাৰ বৰণ পাখিয়ে ।

আনহাতে, B গ্ৰুপৰ প্ৰথম পুৰস্কাৰ লাভ কৰে ৰাইজৰ ভালোবাসা নামৰ নাও লগতে দ্বিতীয় পুৰস্কাৰ লাভ কৰে জনপ্ৰিয় এক্সপ্ৰেছ নামৰ নাওখনে ৷

লগতে পঢ়ক : Modi Cabinet decisions: ক্ৰীড়া ক্ষেত্ৰত ভাৰত অষ্ট্ৰেলিয়াৰ মাজত হ’ব আদান-প্ৰদান, লাভান্বিত হ’ব ভাৰত খেলুৱৈ

Last Updated : Aug 17, 2023, 5:02 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.