ETV Bharat / bharat

Modi Cabinet decisions: ক্ৰীড়া ক্ষেত্ৰত ভাৰত অষ্ট্ৰেলিয়াৰ মাজত হ’ব আদান-প্ৰদান, লাভান্বিত হ’ব ভাৰত খেলুৱৈ

author img

By

Published : Aug 17, 2023, 8:39 AM IST

ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত ব্যাপক সংস্কাৰৰ বাবে কেন্দ্ৰীয় কেবিনেটে বিশেষ চুক্তিত অনুমোদন দিছে ৷ ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় আৰু অষ্ট্ৰেলিয়াৰ স্বাস্থ্য আৰু বৃদ্ধ যত্ন বিভাগৰ মাজত এই চুক্তি ৷ বুধবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত এই চুক্তি অনুমোদন ৷

Modi Cabinet decisions
sports between India and Australia

নিউজ ডেস্ক, 17 আগষ্ট: বুধবাৰে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত ল’লে কেতবোৰ গুৰুতপূৰ্ণ সিদ্ধান্ত ৷ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ক্ৰীড়া ক্ষেত্ৰত সহযোগিতাৰ ক্ষেত্ৰত হোৱা বুজাবুজি চুক্তিত অনুমোদন জনাইছে কেবিনেটে ৷ ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় আৰু অষ্ট্ৰেলিয়া চৰকাৰৰ স্বাস্থ্য আৰু বৃদ্ধ যত্ন বিভাগৰ মাজত ক্ৰীড়া ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি সম্পন্ন হৈছিল ৷

এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজত ক্ৰীড়া ক্ষেত্ৰত বিনিময় কৰিব পাৰিব ৷ বিশেষকৈ ক্ৰীড়া বিজ্ঞান, খেলুৱৈ আৰু প্ৰশিক্ষকৰ প্ৰশিক্ষণ, বিকাশ, ক্ৰীড়া নিয়ম আৰু ক্ৰীড়া খণ্ডত খেলুৱৈৰ অংশগ্ৰহণৰ ক্ষেত্ৰত দুয়োখন দেশৰ খেলুৱৈৰ বাবে সহজ হৈ পৰিব ৷ ক্ৰীড়া ক্ষেত্ৰত খেলুৱৈৰ মাজত আদান-প্ৰদানে জ্ঞান আৰু দক্ষতা সম্প্ৰসাৰিত কৰিব দুইখন দেশৰ যুৱ খেলুৱৈক ৷

অষ্ট্ৰেলিয়াৰ সৈতে ক্ৰীড়া ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ ফলত ভাৰতৰ জিলা, ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈয়ে লাভ কৰিব সুফল ৷ বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত খেলুৱৈ জাতি-ধৰ্ম লিংগ বিভেদ সৃষ্টি নকৰাকৈ সকলো পৰ্যায়ৰ খেলুৱৈক জ্ঞান দিব পাৰিব ৷ ইয়াৰ জৰিয়তে ভাৰতৰ সকলো পৰ্যায়ৰ খেলুৱৈ নিজকে দক্ষ ৰূপত গঢ়ি তুলিব পাৰিব ৷

এই বুজাবুজি চুক্তিৰ জৰিয়তে ক্ৰীড়া ক্ষেত্ৰতে নহয় বাণিজ্যক খণ্ডত দুয়োখন দেশৰ লাভান্বিত হ’ব ৷ দুয়োখন দেশৰ বাবে বিশ্বৰ বাণিজ্যৰ ক্ষেত্ৰত আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত সহজ হৈ পৰিব ৷ আমদানি বা ৰপ্তানিৰ ক্ষেত্ৰত কৰৰ পৰিশোধৰ সহজ হৈ পৰিব ৷ ইয়াৰ দ্বাৰা চৰকাৰ দ্বাৰা স্বীকৃত প্ৰাপ্তত বাণিজ্যক সংস্থাসমূহে ব্যৱসায়ী কৰিব পাৰিব ৷ ফলত উন্নতমানৰ সামগ্ৰী আৰু কৰৰ ক্ষেত্ৰত সুফল লাভ কৰিব দুয়ো দেশে ৷

লগতে পঢ়ক: NCP president Sharad Pawar: শাৰদ পাৱাৰৰ দাবী; বিজেপিৰ সৈতে নকৰে মিত্ৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.