Guwahati theft incident:পাথৰকোৱেৰীৰ মেগজিনত পুৱতি নিশা চুৰিকাণ্ড

By

Published : Jul 28, 2023, 10:51 PM IST

thumbnail

গুৱাহাটী, ২৮ জুলাই : আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি মহানগৰীত দিনক দিনে বৃদ্ধি পাব ধৰিছে চুৰিকাণ্ডৰ ঘটনা । এইবাৰ পাথৰকোৱেৰীৰ মেগজিনত থকা এখন গেলামাল দোকানত চলিল চোৰৰ লুটপাত । শুকুৰবাৰৰ পুৱতি নিশা চোৰে পাথৰকোৱেৰীৰ মেগজিন অঞ্চলৰ আৰ. ডি এণ্টাৰপ্ৰাইজ নামৰ এখন পাইকাৰী গেলামাল দোকানত অভিযান চলাই লুট কৰি নিয়ে নগদ ১ লাখ ২২ হাজাৰ টকাৰ লগতে ডেৰ লাখ টকা মূল্যৰ চিগাৰেট আৰু দোকানখনত থকা বহু সা-সামগ্ৰী ।

শুকুৰবাৰে পুৱাৰ ভাগত দোকান খুলিবলৈ আহি দোকানখনৰ গৰাকী ৰমেন ডেকাই দোকানৰ সকলো সমগ্ৰী লণ্ডভণ্ড হৈ পৰি থকা দেখি চুৰি হোৱা বুলি নিশ্চিত হয় । নিশা প্ৰায় ২ বজাত চোৰে দোকানৰ ওপৰৰ টিন পাত খুলি তলা ভাঙি প্ৰৱেশ কৰি লুটপাত চলায় । চোৰে তলা ভাঙি ভিতৰত প্ৰৱেশ কৰা সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত । ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰমেন ডেকাই নুনমাটি থানাত এজাহাৰ দাখিল কৰাৰ পিচত আৰক্ষীয়ে চুৰি কাণ্ড সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Guwahati mobile shop theft incident: আৰক্ষী নিদ্ৰাত; হাতীগাঁৱত পুৱতি নিশা চোৰৰ হাত চাফ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.