Guwahati mobile shop theft incident: আৰক্ষী নিদ্ৰাত; হাতীগাঁৱত পুৱতি নিশা চোৰৰ হাত চাফ

By

Published : Jul 21, 2023, 6:47 PM IST

thumbnail

গুৱাহাটী, ২১ জুলাই : মহানগৰীত পুনৰ চুৰিকাণ্ড । হাতীগাঁৱত পুৱতি নিশা চোৰৰ দলে চলালে চাফাই অভিযান । চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী CCTV কেমেৰাত । জানিব পৰা মতে হাতীগাঁৱৰ নামঘৰ পথত থকা "টেক হাব" নামৰ মোবাইলৰ দোকানত বুধবাৰে পুৱতি নিশা সংঘটিত হ’ল এই চুৰিকাণ্ড । পুৱতি নিশা প্ৰায় ৪ বজাত ৬ জনীয়া চোৰৰ দলে চলাই এই চুৰিকাৰ্য ৷

Tech Hub ৰ শ্বাটাৰ ভাঙি ভিতৰলৈ প্ৰৱেশ কৰে এজন চোৰে । মুখত মাস্ক পৰিহিত চোৰটোৱে ভিতৰত প্ৰৱেশ কৰিয়েই এফালৰ পৰা চলাই চাফাই অভিযান । ইয়াৰ পিচত বাহিৰত ৰৈ থকা আন পাঁচটা চোৰে বিচনা চাদৰৰ আৰ দি উলিয়াই লৈ যায় ভিতৰত থকা চোৰটোক । প্ৰায় অৰ্ধশতাধিক দামী ফোন চুৰি কৰি উধাও হয় চোৰৰ দলটো । CCTV ফুটেজত স্পষ্ট হৈ আছে ৬ জনীয়া চোৰৰ দলৰ ভিডিঅ’ । ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান ।

লগতে পঢ়ক : Oil smuggling in Tinsukia: তিনিচুকীয়া আৰক্ষীৰ জালত তেল চুৰি চক্ৰৰ 2 সদস্য; অভিযান অব্যাহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.