ETV Bharat / state

Oil smuggling in Tinsukia: তিনিচুকীয়া আৰক্ষীৰ জালত তেল চুৰি চক্ৰৰ 2 সদস্য; অভিযান অব্যাহত

author img

By

Published : Jul 18, 2023, 10:36 AM IST

তেলচোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত, গ্ৰেপ্তাৰ দুই ৷ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে অব্যাহত আছে তদন্ত ৷

2 arrested related to crude oil smuggling
তিনিচুকীয়াত আৰক্ষীৰ জালত 2 তেল চোৰ

তেলচোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত

তিনিচুকীয়া, 18 জুলাই : আৰক্ষীৰ চকুত ধুলি দি তিনিচুকীয়াত অব্যাহত আছে তেল চুৰি ৷ দীৰ্ঘদিনৰপৰা তেলচুৰি চক্ৰই অব্যাহত ৰাখিছে চোৰাংকৈ সৰবৰাহ কৰা তেলৰ ৰমৰমীয়া ব্যৱসায় ৷ প্ৰতিটো মুহূৰ্তত তেল চোৰ চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰিয়েই কোনোবাখিনিত থমকিবলগীয়া হৈছে আৰক্ষী ৷

তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত তিনিচুকীয়া আৰক্ষীয়ে তেলচোৰৰ বিৰুদ্ধে অভিযান চলাই সংবাদ কৰ্মী, বিজেপি কৰ্মীসহ চক্ৰটোৰ সৈতে জড়িত বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই চক্ৰটোৰ মূল ব্যক্তিক ৷

ইফালে, এটা তেল চুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে টেংকাৰেৰে চোৰাং খাৰুৱা তেলৰ সৰবৰাহ অব্যাহত ৰাখিছিল আন এক তেল চুৰি চক্ৰই ৷ শেহতীয়াকৈ সেই চক্ৰটোৰ স’তে জড়িত হুকানিৰ ৰুবুল মৰাণ (31) আৰু লোহাৰি কছাৰীৰ হেমন্ত গগৈ (27)ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

এইসন্দৰ্ভত সোমবাৰে তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে জানিবলৈ দিয়া অনুসৰি 30 জুনত বৰডুবিত আৰক্ষীয়ে চোৰাং খাৰুৱা তেল ভৰ্তি এখন টেংকাৰ জব্দ কৰিছিল, লগতে চালকজনক আটক কৰিছিল ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু সেই অনুসৰি গাড়ী পাৰ কৰাই দিয়াৰ দায়িত্বত থকা ৰুবুল মৰাণ আৰু হেমন্ত গগৈক গ্ৰেপ্তাৰ কৰে ৷ উক্ত চক্ৰটোৰ স’তে জড়িত তথা অভিযুক্তসকল পলাতক হৈ আছে যদিও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

অভিযোগ অনুসৰি, দুলিয়াজানৰ জনৈক বৰশইকীয়া নামৰ এজন লোকৰ নেতৃত্বত উজনিত দীৰ্ঘদিনৰ পৰা চলি আছে চোৰাং খাৰুৱা তেলৰ ৰমৰমীয়া ব্যৱসায় ৷ কিন্তু আজি পৰ্যন্ত আৰক্ষী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই জনৈক বৰশইকীয়াক ৷

তেল চুৰি চক্ৰৰ সৈতে জড়িত ৰৌ-বৰালিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব নে পুঠি খলিহনাক গ্ৰেপ্তাৰ কৰিয়েই থমকি ৰ’ব সেয়া পৰৱৰ্তী সময়ত হ’ব এক লক্ষণীয় বিষয় ৷

লগতে পঢ়ক : Fake Encounter in Assam: হিমন্ত বিশ্ব শৰ্মাৰ শাসনত 80 টা ‘ভুৱা এনকাউণ্টাৰ’; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.