লংকাত শতাধিক চুৰি ম'বাইলসহ চোৰক আটক

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 5:09 PM IST

thumbnail

হোজাই,১৩ ডিচেম্বৰ: লংকা আৰক্ষী থানাত উঠিছে চুৰি ম'বাইলৰ উজান । লংকা আৰক্ষীয়ে জব্দ কৰে চাৰি শতাধিক ম'বাইল । লংকা আৰক্ষী আৰু হোজাই আৰক্ষীৰ অপৰাধ নিয়ন্ত্রণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নেতৃত্বত লংকাত অভিযান চলাই ৭ টা ম'বাইল চোৰক আটক কৰাৰ লগতে জব্দ কৰে চাৰিশতাধিক ম'বাইল, টেৱলেট, সোণৰ আ-অলংকাৰ আৰু ম'বাইল ব্যৱহৃত সা-সামগ্ৰী ।  

আটকাধীন চোৰ কেইটাৰ নাম ক্ৰমে প্ৰীতম দে, মনজিৎ মজুমদাৰ, কালীম উদ্দিন শেখ, শুকুৰ উল্লাহ, মিঠু শেখ, লালন শেখ, চিৰজুল শেখ । প্ৰীতম দে আৰু মনজিৎ মজুমদাৰৰ ঘৰ লংকাত হোৱা বিপৰীতে বাকী ৫ টা চোৰৰ ঘৰ পশ্চিমবংগত বুলি জানিব পৰা গৈছে । বৰ্তমান আটাইকেইটা চোৰকে লংকা আৰক্ষী থানাত ৰাখি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: মঙলদৈত বৃহৎ পৰিমাণৰ চুৰি সোণ উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.