মঙলদৈত বৃহৎ পৰিমাণৰ চুৰি সোণ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 4:36 PM IST

thumbnail

দৰং,১৩ ডিচেম্বৰ: মঙলদৈত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সোণ । মঙলদৈ নিকটৱৰ্তী সৰু আৰেঙৰ থানুৰাম দাসৰ ঘৰত কিছুদিন পুৰ্বে চুৰি হৈছিল বহু পৰিমাণৰ সোণ । লোকজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত অভিযান চলাই উদ্ধাৰ কৰে চুৰি হোৱা সোণখিনি । লগতে আটক কৰে সোণ চোৰৰ সৈতে আন চাৰিজনক ।  

জানিবপৰামতে দৰঙৰ কুখ্যাত সোণ চোৰ জয়নালে প্ৰায় ১৪ তোলা সোন  চুৰি কৰি খাৰুপেটিয়াৰ ইন্দ্ৰানী জুয়েলাৰ্চত বিক্ৰী কৰিছিল । সেই সূত্ৰে ইন্দ্ৰানী জুয়েলাৰ্চৰ স্বত্বাধিকাৰী বিষ্ণু সুত্ৰধৰক আটক কৰে মঙলদৈ আৰক্ষীয়ে । আনহাতে জুয়েলাৰ্চৰ লগত জড়িত এগৰাকী মহিলাকো আটক কৰে আৰক্ষীয়ে । ইফালে মঙলদৈ আৰক্ষীয়ে খাৰুপেটীয়াৰ ইন্দ্ৰানী জুৱেলাৰ্চতো স্বত্বাধিকাৰীৰ গৃহটো অভিযান চলাই প্ৰায় ২৫ তোলা সোণ জব্দ কৰে । সোণখিনিৰ মূল্য প্ৰায় ১৫ লাখ টকা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

লগতে পঢ়ক: STF ৰ জালত নকল সোণসহ নগদ ধন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.