STF ৰ জালত নকল সোণসহ নগদ ধন

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 2:52 PM IST

thumbnail

গুৱাহাটী,১৩ ডিচেম্বৰ: নকল সোণ আৰু নকল টকাৰ উজান উঠিছে গুৱাহাটী মহানগৰীত । সোমবাৰে নিশা মহানগৰীৰ কটাহবাৰীত নকল নোট আৰু টকা উদ্ধাৰৰ পিছতে মঙলবাৰে বিয়লি বশিষ্ঠৰ লালমাটিত উদ্ধাৰ হয় নকল টকা আৰু নকল সোণ । মঙলবাৰে দিনৰ প্ৰায় ৩ বজাত মহানগৰীৰ লালমাটিত STF য়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে তিনিখনকৈ সোণৰ নাওঁ আৰু প্ৰায় লক্ষাধিক টকা । লগতে গ্ৰেপ্তাৰ কৰে ৬টাকৈ সৰবৰাহকাৰীক ।  

গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী কেইটা ক্ৰমে পশ্চিমবংগৰ মালদা জিলাৰ দেৱদাস হালদাৰ, সন্তোষ মণ্ডল, নিত্য হালদাৰ, উত্তৰাখণ্ডৰ মনোজ কুমাৰ, উত্তৰ প্ৰদেশৰ শিৱম কুমাৰ আৰু উত্তৰ লক্ষীমপুৰৰ চাদ্দাম হুছেইন । জানিবপৰামতে লখিমপুৰ নাওবৈছাৰ পৰা লৈ আহিছিল নকল সোণখিনি । বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে প্ৰস্তুতি চলাইছিল ধৃত সৰবৰাহকাৰীকেইটাই । ইতিমধ্যে আটাইকেইজন সৰবৰাহকাৰীক বশিষ্ঠ আৰক্ষীক গতাই দি এজাহাৰ দাখিল কৰে STF অভিযানকাৰী দলটোৱে ।  

লগতে পঢ়ক: পথ সুৰক্ষাৰ বাৰ্তাৰে শিৱসাগৰৰ ৰাজপথত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.