পথ সুৰক্ষাৰ বাৰ্তাৰে শিৱসাগৰৰ ৰাজপথত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 2:25 PM IST

thumbnail

শিৱসাগৰ, 13 ডিচেম্বৰ: বুধবাৰৰে পৰা শিৱসাগৰ পৰিবহণ বিভাগৰ উদ্যোগত আৰম্ভ হয় "পথ সুৰক্ষা জন আন্দোলন সজাগতা" সপ্তাহ ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ লগতে এক বাইক ৰেলীতো অংশ লয় মন্ত্ৰীগৰাকীয়ে । বাইক ৰেলীত অংশগ্ৰহণ কৰি শিৱসাগৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে আৰু শিৱসাগৰ জিলাত সংঘটিত পথ দুৰ্ঘটনা আৰু এইসমূহৰ নিৰাময় সন্দৰ্ভত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে মত বিনিময়ত ভাগ লয় ।

ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হোৱা পথ সুৰক্ষা জন আন্দোলন সজাগতা সভাসমূহত অংশ লৈ মন্ত্ৰী শুক্লবৈদ্যই ৰাইজক যিকোনো বাহন চলোৱাৰ সময়ত ল’ব লগা সজাগতা সন্দৰ্ভত আহ্বান জনাই কয় যে এই নিয়মসমূহ পালন কৰি চলিলে বাহন চালকে নিজকে সুৰক্ষিত ৰখাৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিব পাৰিব । বিগত বৰ্ষত অসমত সংঘটিত বিভিন্ন দুৰ্ঘটনাত 2954 গৰাকী লোকৰ প্ৰাণহানি হৈছিল । যদিও চলিত বৰ্ষত ইয়াৰ হাৰ কম তথাপিও কোনো এজন লোকৰ যাতে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু নহয় তাৰ বাবে এনে সজাগতাৰ প্ৰয়োজন বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

লগতে পঢ়ক: ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত সুৰাপায়ীক সকীয়ালে আবকাৰী মন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.