Cricket World Cup 2023 : বিশ্বকাপৰ ৱার্ম আপ মেচৰ বাবে গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দল

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:04 PM IST

thumbnail

গুৱাহাটী, 28 ছেপ্টেম্বৰ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলা সামৰি এদিনীয়া বিশ্বকাপ 2023ৰ প্ৰস্তুতি মেচত অংশগ্ৰহণৰ বাবে বৃহস্পতিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলটো ৷  

গুৱাহাটীত অনুষ্ঠিত হ’ব লগা ৱার্ম আপ মেচৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলটো ৷ গুৱাহাটী বিমানবন্দৰত ক্ৰিকেট দলটো উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনাই অসম ক্ৰিকেট সন্থাৰ লগতে ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ লোকে ৷ দলটোক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পোনে পোনে হোটেল ৰেডিছন ব্লুলৈ লৈ যোৱা হয় ৷ 30 ছেপ্টেম্বৰত বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা দ্বিতীয়খন ৱাৰ্ম আপ মেচত ভাৰত ইংলেণ্ডৰ মুখামুখি হ’ব ৷

উল্লেখ্য যে, 5 অক্টোবৰ পৰা ভাৰতত আৰম্ভ হ’ব আই চি চি পুৰুষৰ এদিনীয়া বিশ্বকাপ 2023 ৷ আইচিচি এদিনীয়া বিশ্বকাপকলৈ উৎকণ্ঠাৰে বাট চাইছে ক্ৰিকেট প্ৰেমীসকলে ৷ এইবাৰৰ ক্ৰিকেট বিশ্বকাপত হট ফেভাৰিট দল হিচাবে আছে আয়োজক দেশ ভাৰত ৷ ইতিমধ্যে বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া শৃংখলাত ভাৰতে, 2-1 ব্যৱধানত জয়লাভ কৰি শৃংখলা দখল কৰিছে ৷  

লগতে পঢ়ক : World Cup 2023 : বিশ্বকাপৰ খিতাপ, অন্ত পৰিবনে ১২ বছৰীয়া অপেক্ষাৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.