ETV Bharat / sports

World Cup 2023 : বিশ্বকাপৰ খিতাপ, অন্ত পৰিবনে ১২ বছৰীয়া অপেক্ষাৰ ?

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 4:04 PM IST

World Cup 2023
বিশ্বকাপৰ খিতাপ, অন্ত পৰিবনে ১২ বছৰীয়া অপেক্ষাৰ

২০১১ চনত অন্তিমবাৰৰ বাবে ভাৰতে এদিনীয়া বিশ্বকাপৰ আয়োজন কৰিছিল । সেই বছৰ ভাৰতে শেষবাৰৰ বাবে বিশ্বকাপৰ খিতাপো দখল কৰিছিল । এইবাৰো ভাৰতে বিশ্বকাপ আয়োজন কৰিব । ৰোহিত শৰ্মাৰ নেতৃত্বৰ দলটোৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ ।

স্পৰ্টছ ডেস্ক,২৮ ছেপ্টেম্বৰ : ১২ বছৰৰ পাছত পুনৰ ভাৰতত অনুষ্ঠিত হ'ব এদিনীয়া বিশ্বকাপ ক্ৰিকেট । ইফালে ২০১১ চনত শেষবাৰৰ বাবে ভাৰতে বিশ্বকাপৰ খিতাপ অৰ্জন কৰিছিল । সেই সময়ত ভাৰতৰ লগতে শ্ৰীলংকা আৰু বাংলাদেশ আছিল সহ-আয়োজক দেশ । মুম্বাইত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলখনত ভাৰতে শ্ৰীলংকাক ৬ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰিছিল । সেইবছৰ এম এছ ধোনী আছিল ভাৰতীয় দলটোৰ অধিনায়ক । এয়া ভাৰতৰ দ্বিতীয় এদিনীয়া বিশ্বকাপ খিতাপ আছিল । ১৯৮৩ চনত কপিল দেৱৰ অধিনায়কত্বত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ প্ৰথমটো খিতাপ লাভ কৰিছিল ।

ইফালে ২০১৩ চনত, ভাৰতে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত আয়োজক ইংলেণ্ডক পৰাস্ত কৰিছিল । তেতিয়াৰে পৰা ভাৰতৰ ট্ৰফী তালিকাখন শূন্য হৈ আছে । ভাৰত ২০১৫ আৰু ২০১৯ দুয়োটা এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলত পৰাজিত হয় । আনহাতে ২০১৪ টি-২০ বিশ্বকাপ আৰু ২০১৭ চেম্পিয়নছ ট্ৰফীত ৰানাৰ্ছ-আপৰ খিতাপ অৰ্জন কৰে ।

ভাৰতে ২০১৬ চনৰ টি-২০ বিশ্বকাপ আয়োজন কৰিছিল যদিও ফাইনেলত প্ৰৱেশ কৰাত বিফল হৈছিল । আনহাতে ২০২১ চনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিউজিলেণ্ড আৰু ২০২৩ চনত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হয় । যাৰ বাবে দীঘলীয়া প্ৰত্যাশাৰ অন্তত এইবছৰ ভাৰতে ট্ৰফীৰ উদং তালিকা পূৰণ কৰিবলৈ সকলো ফালৰ পৰা প্ৰচেষ্টা চলাব ।

অৱশ্যে সফলতাৰ অভাৱ হ'লেও ভাৰতীয় দলটো প্ৰতিটো আইচিচি ইভেণ্টত জনপ্ৰিয় হৈ আহিছে । ভাৰতে আইচিচি ইভেণ্ট আয়োজন কৰাৰ লগে লগে প্ৰত্যাশাবোৰো বাঢ়ি আহিছে । সেয়েহে ৰোহিত শৰ্মাৰ নেতৃত্বৰ দলটোৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে ।

৩৬ বছৰীয়া ৰোহিত শৰ্মাৰ বাবেও এই বিশ্বকাপ যথেষ্ট গুৰুত্বপূৰ্ণ । ফৰ্ম আৰু ফিটনেছৰ বাবে ২০১১ চনৰ চেম্পিয়ন ভাৰতী দলটোৰ অংশ নাছিল ৰোহিত শৰ্মা । কিন্তু এতিয়া তেওঁ দলটোৰ অধিনায়ক আৰু গুৰুত্বপূৰ্ণ বেটছমেন । দেশৰ মাটিত বিশ্বকাপত নেতৃত্ব দিয়া ভাৰতীয় অধিনায়কৰ তালিকাত ৰোহিত শৰ্মাৰ নামো অন্তৰ্ভুক্ত হ'ব । এই তালিকাত আছে কপিল দেৱ (১৯৮৭), মহম্মদ আজহাৰউদ্দিন (১৯৯৬) আৰু এম এছ ধোনী (২০১১, ২০১৬) ।

২০১৯ চনৰ বিশ্বকাপত গড়ে ৮১ৰ সৈতে ৯ খন মেচত ৬৪৮ ৰাণ কৰি শীৰ্ষ ৰাণ সংগ্ৰহকাৰী আছিল ৰোহিত শৰ্মা । ২০১৫ চনত তেওঁ প্ৰতিযোগিতাখনত ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল । সেয়েহে শৰ্মাৰ ৰাণ সংগ্ৰহৰ সামৰ্থ্যৰ বাবে শুভমন গিলৰ সৈতে তেওঁৰ অপেনিঙৰ অংশীদাৰিত্বৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব ।

ভাৰতীয় দলটোৰ অন্যতম আকৰ্ষণ হৈছে বিৰাট কোহলী । কোহলীয়ে শেহতীয়াকৈ ৩ বছৰীয়া দুৰ্বল ফৰ্মৰ পৰা ওলাই আহিছে আৰু অন্তিম ১৩ খন এদিনীয়াত তিনিটাকৈ শতক অৰ্জন কৰিছে । তেওঁৰ এতিয়া ৪৭ টা এদিনীয়া শতক আছে । শচীন তেণ্ডুলকাৰৰ অভিলেখ সংখ্যক ৪৯ টা শতক স্পৰ্শ কৰিবলৈ কোহলীক আৰু মাত্ৰ দুটা শতকৰ প্ৰয়োজন । তাৰকা বেটছমেনজনে এইবাৰৰ বিশ্বকাপৰ সময়ত সেই অভিলেখ ভংগ কৰিব বুলি আশা কৰা হৈছে ।

ভাৰতীয় দলৰ গুৰুত্বপূৰ্ণ খেলুৱৈসকলৰ ভিতৰত আছে তাৰকা বলাৰ যশপ্ৰীত বুমৰাহ, উইকেট কিপাৰ কে এল ৰাহুল আৰু মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়স আয়াৰ । ভাৰতে এই মাহৰ আৰম্ভণিতে অষ্টমবাৰ এছিয়া কাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল । এই সময়ছোৱাত উক্ত তিনিওগৰাকী খেলুৱৈসকল দলটোৰ অংশ আছিল ।

ভাৰতে এছিয়া কাপৰ গ্ৰুপ পৰ্যায়ত নেপাল, পাকিস্তান আৰু শ্ৰীলংকাক পৰাস্ত কৰে । ফাইনেলত ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাজিত হয় আয়োজক শ্ৰীলংকা । আনহাতে মহম্মদ চিৰাজে কলম্বোত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৬ টা উইকেট দখল কৰে । যাৰ বাবে ফাইনেল খেলখনত শ্ৰীলংকা মাত্ৰ ৫০ ৰাণতে অলআউট হয় । ভাৰতে চেন্নাইত ৮ অক্টোবৰত ৫ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব । ১৪ অক্টোবৰত আহমেদাবাদত চিৰপ্ৰতিদ্বন্দী পাকিস্তানৰ মুখামুখি হ'ব আৰু ২৯ অক্টোবৰত লক্ষ্ণৌত ইংলেণ্ডৰ মুখামুখি হ'ব ভাৰতীয় দলটো ।

বুধবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলৰ পাছত ৰোহিত শৰ্মাই কয় যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰু এছিয়া কাপৰ যোৱা কেইখনমান খেলত ভাৰতে বিভিন্ন পৰিস্থিতিত বিভিন্ন দলৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছে । এই খেলবোৰত ভাৰতে সঁচাকৈয়ে ভাল খেলিছে বুলি তেওঁ দাবী কৰে । ভাৰতৰ হাতত এটা ভাল দল আছে আৰু বিশ্বকাপৰ সময়ত ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া তেওঁলোকে বুজি পায় ।

লগতে পঢ়ক :Asian Games 2023 : শ্বুটিঙত সোণ উশ্বুত ৰূপ অৰ্জন; পদকৰ সংখ্যা বাঢ়িল ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.