TAYPA New office: ডিব্ৰুগড়ত টাই আহোম যুৱ পৰিষদৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 6:13 PM IST

thumbnail

ডিব্ৰুগড়, ২৬ ছেপ্টেম্বৰ: আহোম জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নক লক্ষ্য হিচাপে লৈ গঠন হোৱা টাই আহোম যুৱ পৰিষদে জনগোষ্ঠীৰ কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ বাবে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । আহোম জনগোষ্ঠীয় ৰাইজক সংঘবদ্ধ কৰি ৰাজনৈতিক আৰু সামাজিকভাৱে আগুৱাই নিবলৈ চেষ্টা কৰা টাই আহোম যুৱ পৰিষদৰ ডিব্ৰুগড়ৰ নৱনিৰ্মিত কাৰ্যালয়টো মঙলবাৰে আহোমৰ মাংগলিক নিয়মেৰে ডিব্ৰুগড়ৰ খনিকৰত উদ্বোধন কৰা হয় ।

ডিব্ৰুগড়ৰ খনিকৰত টাই আহোম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ নৱ নিৰ্মিত টাইপাৰ কাৰ্যালয়ৰ লগতে টাই আহোম যুৱ নিৱাস আৰু টাই সাংস্কৃতিক প্ৰকল্পটোও উদ্বোধন কৰা হয় । ৰাজ‍্য চৰকাৰৰ পৰা লাভ কৰা ২০ লাখ টকা ব‍্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কাৰ্যালয়টো উদ্বোধন কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ গগৈয়ে ।

কাৰ্যালয় উদ্বোধন অনুষ্ঠানত উপস্থিত থাকি যুটীয়া সম্পাদক দ্বীপজ‍্যোতি দুৱৰাই কয়, জনজাতিকৰণৰ প্ৰসংগত আলোচনা কৰিবলৈ ২৯ ছেপ্টেম্বৰত পুনৰ চৰকাৰে নিমন্ত্ৰণ কৰিছে । কিন্তু চৰকাৰে সদায় জনজাতিকৰণক লৈ আলোচনালৈ মাতি কেৱল বিভিন্ন সমস্যা দেখুৱাই আহিছে । চৰকাৰে যদি ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰে তেতিয়া হ'লে সময়ত মুখ থেকেচা খাব লাগিব বুলিও কয় টাই আহোম যুৱ পৰিষদৰ যুটীয়া সম্পাদক দ্বীপজ‍্যোতি দুৱৰাই ।

লগতে পঢ়ক: Assam Bhawan in Tamilnadu: তামিলনাডুৰ ভেলোৰত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.