ETV Bharat / state

Assam Bhawan in Tamilnadu: তামিলনাডুৰ ভেলোৰত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 4:29 PM IST

তামিলনাডুৰ ভেলোৰত মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰি হ’ল অসম ভৱন ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে অসম ভৱনটি ৷ ২৩ কোটি ব্যয়েৰে নিৰ্মাণ কৰা 8 মহলীয়া এই অসম ভৱনটিত আছে বহু অত্যাধুনিক সা-সুবিধা ৷

Etv Bharat
Etv Bharat

গুৱাহাটী, ২৬ ছেপ্তেম্বৰ: তামিলনাডুৰ ভেলোৰত আজি মুকলি হ’ল এটি অসম ভৱন ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে আঠ মহলীয়া অত্যাধুনিক সকলো সুবিধাযুক্ত এই নতুন অসম ভৱনটি । মঙলবাৰে দুপৰীয়া আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিলে অসম ভৱন ৷

Assam Bhawan in Tamilnadu
২৩ কোটি ব্যয়েৰে নিৰ্মাণ কৰা হৈছে অসম ভৱনটো

আজিৰে পৰা কাৰ্যক্ষম হৈছে তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা ১৩৮ কিলোমিটাৰ দূৰৰ ভেলোৰৰ চাতুভাছাৰীত নিৰ্মিত অসম ভৱনটি ৷ মুঠ ২৩ কোটি টকাৰে নিৰ্মিত এই ভৱনটিত আছে ৪০ টা দুখন বিচনাযুক্ত কোঠা, ২টা ভিআইপি/ভিআইআইপি ছুইট, সাতখন বিচনাযুক্ত মহিলা সংৰক্ষিত ১টা কোঠা, ৫ খন বিচনাযুক্ত পুৰুষ সংৰক্ষিত কোঠা ৩ টা কোঠা, চাৰিখন বিচনাযুক্ত ৩ টা কোঠা ৷ আজিৰ পৰা কাৰ্যক্ষম কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰে ইতিমধ্যে কৰ্মচাৰীও নিয়োগ কৰিছে ।

  • Students, patients and their families from Assam now have a home in Vellore.

    Assam Bhawan is fully functional from today. pic.twitter.com/qf8h2439UK

    — Himanta Biswa Sarma (@himantabiswa) September 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অসমৰ পৰা প্ৰতি বছৰে বৃহৎ সংখ্যক লোক কৰ্কটকে ধৰি বিভিন্ন ৰোগৰ চিকিৎসা কৰিবৰ বাবে ভেলোৰলৈ যায় । ভেলোৰৰ নতুন অসম ভৱনটিয়ে ৰোগী আৰু ৰোগীৰ আত্মীয় সকললৈ সামান্য হ’লেও সকাহ আনিব বুলি ভৱনটি মুকলি কৰি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

চিকিৎসাৰ উপৰিও উচ্চ শিক্ষা গ্ৰহণৰ বাবেও অসমৰ পৰা বহু শিক্ষাৰ্থী ভেলোৰলৈ যায় ৷ নতুনকৈ ভেলোৰলৈ যোৱা শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবেও এই অসম ভৱনটিয়ে অৰিহণা আগবঢ়াব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Assam Bhawan in Tamilnadu
অসম ভৱন উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী

মুঠ ৪ টা পৰ্যায়ত এই ভৱনটো নিৰ্মাণ হোৱাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব দি মুকলি কৰাৰ ব্যৱস্থা কৰে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অনুষ্ঠানত উপস্থিত থাকে সাধাৰণ প্ৰশাসন আৰু পঞ্চায়ত-গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাস আৰু অশোক সিংহল ৷ উল্লেখযোগ্য যে ভেলোৰৰ চিএমচি হাস্পতালৰ মূল কেম্পাছলৈ সদ্য উন্মোচিত অসম ভৱনৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ আৰু আন এটা চৌহদ ৰাণীপেট কেম্পাছলৈ ৭ কিলোমিটাৰ দূৰত্ব ৷

লগতে পঢ়ক: Shiksha Setu Assam: কাগজে-পত্রই থকা পাঁচ লক্ষাধিক শিক্ষাৰ্থীৰ অস্তিত্ব নাই শিক্ষা সেতু এপত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.