Adulterated fertilizers in Biswanath : ভেজাল সাৰৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 8:45 AM IST

thumbnail

বিশ্বনাথ, 6 অক্টোবৰ : বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলিৰ গড়েহাগীত ভেজাল সাৰৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে । মেৰ্চাছ কৃষি কল্যাণ ছিড নামৰ সাৰৰ এজেন্সিটোৱে কিষাণ ডি. অ. পি. আৰু কিষাণ এম. অ. পি. সাৰ কৃষকক বিক্ৰীৰ বাবে গুডামত মজুত কৰিছিল যদিও এই কিষাণ ডি. অ. পি. আৰু এম. অ. পি. সাৰ কৃষি বিভাগৰ দ্বাৰা নহয় অনুমোদিত ৷ সেয়েহে মেৰ্চাছ কৃষি কল্যাণ ছিডক নিম্ন মানদণ্ডৰ এইসমূহ সাৰৰ বিক্ৰী বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল বিশ্বনাথ জিলা কৃষি বিভাগে ৷

কিন্তু কৃষি বিভাগৰ নিৰ্দেশনা লাভ কৰাৰ পিচতো গুডামৰ পৰা গোপনে সাৰ বিক্ৰী কৰি থকাৰ অভিযোগ উঠিছে মেৰ্চাছ কৃষি কল্যাণ ছিডৰ বিৰুদ্ধে ৷ কৃষি বিভাগে ভেজাল সাৰৰ বিক্ৰী বন্ধ কৰিবলৈ কৃষি কল্যাণ ছিডক নিৰ্দেশ দিছে যদিও এতিয়ালৈকে ছীল কৰা নাই সাৰৰ গুডামটো । যাৰ ফলত বৃহস্পতিবাৰে গড়েহাগীত থকা সাৰৰ গুডামৰ সন্মুখত নিম্ন মানদণ্ডৰ সাৰ বিক্ৰী কৰি থকাৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে গুডামটো ছীল নকৰিলে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান খেতিয়কসকলৰ ৷

লগতে পঢ়ক : Pig herder in Biswanath: বিশ্বনাথত এপাৰ্টৰ গাহৰি পালকৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.