ETV Bharat / state

Pig herder in Biswanath: বিশ্বনাথত এপাৰ্টৰ গাহৰি পালকৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 9:48 AM IST

বিশ্বনাথ জিলাৰ আঞ্চলিক কৃত্ৰিম গো-প্ৰজনন কেন্দ্ৰ আৰু এপাৰ্টৰ বিশেষ পদক্ষেপ ৷ গাহৰি পালকক প্ৰদান কৰা হৈছে পটাচ, চূণ, হাইপ'ক্লৰাইড আৰু ব্লিচিং ৷

Pig herder in Biswanath
বিশ্বনাত আঞ্চলিক কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰ আৰু এপাৰ্টৰ গাহৰি পালকৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ

বিশ্বনাথ, 16 ছেপ্তেম্বৰ : গাহৰিৰ দেহত ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পৰাৰ পাচতে ৰাজ্যৰ গাহৰি পালকৰ মাজত হাহাকাৰ সৃষ্টি হৈছিল ৷ ছোৱাইন ফ্লুৰ উপস্থিতি ধৰা পৰা জিলাসমূহত জিলা প্ৰশাসনে সতৰ্কতামূল ব্যৱস্থা হিচাপে নিধন কৰা হৈছিল শ শ গাহৰি ৷ ফলত গাহৰি পালনেৰে জীৱিকা উপাৰ্জন কৰা গাহৰি পালকৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ ৷ আফ্ৰিকান ছোৱাইন ফিভাৰ যাতে অধিক বিয়পি নপৰে তাৰ বাবে প্ৰশাসানে সজাগতা সৃষ্টি কৰিছিল ৰাইজৰ মাজতো ৷

আনহাতে বিভিন্ন বেচৰকাৰী সংগঠনো এই ক্ষেত্ৰত আগবাঢ়ি আহিছে ৷ গাহৰি পালকসকলে যাতে পৰিষ্কাৰ পৰিচন্নতা বৰ্তাই ৰাখিব পাৰে তাৰ বাবে বিশেষ পদক্ষেপ লৈছে ৷ বিশ্বনাথ জিলাৰ লেহুগাঁওস্থিত আঞ্চলিক কৃত্ৰিম গো-প্ৰজনন কেন্দ্ৰ আৰু এপাৰ্ট (APART)ৰ সহযোগত গাহৰি পালকসকলৰ মাজত ফাৰ্মৰ পৰিষ্কাৰ পৰিচন্নতা যাতে বৰ্তাই ৰাখিবৰ পাৰে তাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰে ৷ সেই পদক্ষেপ হিচাপে গাহৰি পালকসকলক পটাচ, চূণ, হাইপ'ক্লৰাইড আৰু ব্লিচিং বিতৰণ কৰে আঞ্চলিক কৃত্ৰিম গো-প্ৰজনন কেন্দ্ৰ আৰু এপাৰ্টে ৷

মূলত আফ্ৰিকান ছোৱাইন ফ্লুৰ পৰা গাহৰি পালকসকলক পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যেৰে আৰু জৈৱ সুৰক্ষাৰ দিশটো কটকটীয়া কৰাৰ উদ্দেশ্যে পশুপালন আৰু পশু চিকিৎসা বিভাগে এনে ধৰণৰ কাৰ্যপন্থা হাতত লৈছে ।

আঞ্চলিক কৃত্ৰিম গো-প্ৰজনন কেন্দ্ৰৰ পশুচিকিৎসা বিষয়া ডাঃ পাৰ্থ প্ৰতিম বৰাই জানিবলৈ দিয়া মতে, ‘‘আফ্ৰিকান ছোৱাইন ফিভাৰৰ কোনো প্রতিষেধক বৰ্তমান পৰ্যন্ত উদ্ভাৱন হোৱা নাই ৷ গতিকে জৈৱ সুৰক্ষাৰ অবিহনে গাহৰি পালন কৰাটো প্রায় অসম্ভৱ হৈ দেখা দিছে । আনহাতে, উক্ত সামগ্ৰীসমূহ প্রধানকৈ ফাৰ্ম আকাৰেৰে পোহপাল কৰা গাহৰি পালকসকলক প্ৰদান কৰা হৈছে ৷ গতিকে যিসকল পালকে এতিয়াও এই সামগ্ৰীসমূহ গ্রহণ কৰা নাই, তেওঁলোকে অনতিপলমে বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান ৷’’

লগতে পঢ়ক:Cattle smuggling: অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.