Cattle smuggling: অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 5:05 PM IST

thumbnail

বিশ্বনাথ, 4 ছেপ্টেম্বৰ : বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈঘাটৰ নাকাচেকিঙত বিহালী আৰক্ষীয়ে সোমবাৰে পুৱা 5 বজাত অবৈধভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি এখন ট্ৰাক জব্দ সক্ষম হয় ৷ তথ্য মতে বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুছিং বে’য়ে বিশেষ সূত্ৰৰ তথ্য অনুসৰি পুৱাই 15 নং ৰাষ্ট্ৰীয় ঘাইপথ বুৰৈঘাটত নাকাচেকিঙ বহায় ৷

ইয়াৰ পিচতে অৰুণাচলৰ নাহৰলগুনৰ পৰা ধুবুৰীলৈ লৈ যোৱা ML10-C-8375 গৰু ভৰ্তি ট্ৰাকখনৰ পৰা মুঠ 31 টা গৰু জব্দ কৰে ৷ যদিও এটা গৰুৰ মৃত্যু হয় ৷ লগতে বিহালী আৰক্ষীয়ে ট্ৰাকচালক মঃ ইমতাজুল হকক আটক কৰে ।

উল্লেখযোগ্য যে, বিভিন্ন সময়ত অবৈধভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি বাহন জব্দ কৰি আহিছে বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুছিং বে'য়ে । বৰ্তমান সময়লৈ আৰক্ষী বিষয়াজনে তিনিশৰো অধিক গৰু জব্দ কৰি বুৰৈ ঘাটৰ গো-শালালৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:Amguri Murder: পিতা পুত্ৰই মিলি হত্যা কৰিলে সহকৰ্মীক !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.