Amguri Murder: পিতা পুত্ৰই মিলি হত্যা কৰিলে সহকৰ্মীক !

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 2:21 PM IST

thumbnail

আমগুৰি, 4 ছেপ্টেম্বৰ: আমগুৰিত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পিতৃ আৰু দুই পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন যুৱকক ৷ মৃত যুৱকজন আমগুৰি চাংমাই গাঁৱৰ টিংকু নায়ক বুলি জানিব পৰা গৈছে ৷ দেওবাৰে নিশা আমগুৰিৰ ডনবস্ক' তিনিআলিত সংঘটিত এই ঘটনা ৷ 

ঘটনা অনুসৰি আমগুৰি চাংমাই গাঁৱৰ পুনেশ্বৰ মাহেলী আৰু দুই পুত্ৰ প্ৰৱীণ মাহেলী আৰু পোৱালী মাহেলীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আমগুৰি আৰক্ষীয়ে আটক কৰিছে প্ৰৱীণ মাহেলী নামৰ যুৱকজনক ।

নিহত যুৱকজনৰ পৰিয়ালৰ অভিযোগ অনুসৰি, পেইন্টিঙৰ কাম কৰা টিংকু নায়কে সিহঁতৰ লগতে কাম কৰে ৷ সিহঁতৰ ঘৰটো থাকে ৷ কিন্তু পিতৃ আৰু দুই পুত্ৰই কিয় হত্যা কৰিলে সেয়া জানিব পৰা হোৱা নাই ৷ অভিযোগ মতে, টিংকু নায়কক হত্যা কৰিছে বেলেগ স্থানত আৰু মৃতদেহ উদ্ধাৰ কৰা হৈছে বেলেগ এটা স্থানত ৷

লগতে পঢ়ক : Subhalakshmi Dutta case: শুভলক্ষ্মীৰ চিকাৰ হৈছিল গৃহৰক্ষী জোৱান অনিল পাটৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.