ETV Bharat / state

Subhalakshmi Dutta case: শুভলক্ষ্মীৰ চিকাৰ হৈছিল গৃহৰক্ষী জোৱান অনিল পাটৰ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 6:28 PM IST

মুকলি হৈছে খাকী পোচাকত কালিমা সনা চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ কু-কীৰ্তিৰ ভঁড়াল। কেৱল বনকৰা মহিলাকে নহয় গৃহৰক্ষী জোৱানকো প্ৰহাৰ কৰাৰ অভিযোগ দত্তৰ বিৰুদ্ধে । শুভলক্ষ্মী দত্তৰ দ্বাৰা নিৰ্যাতিত হৈ আজিও দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে এগৰাকী গৃহৰক্ষী জোৱানে ।

Subhalakshmi accused of beating up home guard
শুভলক্ষ্মীৰ চিকাৰ হৈছিল গৃহৰক্ষী জোৱান অনিল পাতৰ

শুভলক্ষ্মীৰ চিকাৰ হৈছিল গৃহৰক্ষী জোৱান অনিল পাটৰ

শিৱসাগৰ,৩১ আগষ্ট: নিতৌ পোহৰলৈ আহিছে সদ্য নিলম্বিত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ কু-কীৰ্তিৰ আখ্যান । নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত এগৰাকী বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলাই সংবাদ শিৰোনাম দখল কৰা শুভলক্ষ্মী দত্তৰ আছে বৰ্বৰতাৰ দীঘলীয়া তালিকা ।

২০১৯ চনত অনিল পাটৰ নামৰ এগৰাকী গৃহৰক্ষী জোৱানকো নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে এ এছ পি শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে । দত্তই গৃহৰক্ষী জোৱানজনক শাৰিৰীকভাৱে প্ৰহাৰ কৰি দাঁত পৰ্যন্ত ভাঙি দিছিল সেই সময়ত শিৱসাগৰত উপ-আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা শুভলক্ষ্মীয়ে । কেৱল প্ৰহাৰতে ক্ষান্ত নাথাকি অনিল পাটৰ নামৰ গৃহৰক্ষী জোৱানজনক চাকৰিৰ পৰাও নিলম্বন কৰিছিল শুভলক্ষ্মীয়ে ।

বৰ্তমান হাহাকাৰময় অৱস্থাত থকা শিৱসাগৰ পানবেচাৰ ধোপাবৰীয়া গাঁৱৰ অনিল পাটৰে ন্যায়ৰ আশাত ভিন্নজনৰ কাষ চাপি বিফল হৈ পৰি উঠাই লৈছিল অভিযোগ । এতিয়া কোনোৰকমে এমুঠি খাই জীয়াই থকা অনিল পাটৰৰ জীৱনলৈ আহিছে অনেক প্ৰত্যাহ্বান ।

মাতৃ সেউতী দত্তয়ো ক'লে কিদৰে চলিছে অনিল পাটৰৰ পৰিয়াল । কেৱল অনিল পাটৰেই নহয় । ২০১৯ চনত ৰাজকুমাৰ গগৈ নামৰ এজন পি এছ অ'কো প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে । আনহাতে নিলম্বন কৰা পত্ৰত ৰাজকুমাৰ গগৈ আৰু অনিল পাটৰ দুইজন দুইজনক প্ৰহাৰ কৰা কথা উল্লেখ কৰিছে ।

উল্লেখ্য যে, শেহতীয়াকৈ চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত) শুভলক্ষ্মী দত্তই তেওঁৰ ঘৰত বনকৰা এগৰাকী কিশোৰীৰ শৰীৰত গৰম পানী ঢালি অত্যাচাৰ চলোৱাৰ জঘন্য ঘটনা পোহৰলৈ আহিছিল ৷ এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই ঘটনা পোহৰলৈ অহাৰ পাচতেই দত্তৰ বিৰুদ্ধে মুখ খুলিছে তেওঁৰ দ্বাৰা নিৰ্যাতিত হোৱা এজন পাছত আন এজনকৈ ভুক্তভোগীয়ে ।

লগতে পঢ়ক: Self reliant with barber Business : নাপিত বৃত্তিৰে স্বাৱলম্বিতাৰ নিৰ্দশন ধেমাজিৰ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.