Protest at NIT Silchar : কুচ বক্কৰৰ আত্মহত্যাৰ ন্যায় বিচাৰি শিলচৰ এনআইটিৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 8:51 PM IST

thumbnail

কৰিমগঞ্জ, 18 ছেপ্টেম্বৰ : শিলচৰ এন আই টি চৌহদৰ জিমখানা পাৰ্কত সোমবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ছাত্ৰ-ছাত্ৰীৰ শান্তিপূৰ্ণ আন্দোলনৰ কাৰ্যসূচী ৷ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ কুচ বক্কৰৰ আত্মহত্যা ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰী সকলে ৷  

উল্লেখযোগ্য যে বিগত শুকুৰবাৰে নিশা শিলচৰ এন আই টিৰ ৭ নং হোষ্টেলত বৈদ্যুতিক বিভাগৰ এগৰাকী ছাত্ৰই আত্মহত্যা কৰিছিল ৷ সহপাঠীসকলে জনোৱা মতে, ৩য় বৰ্ষৰ ৫ম ষান্মাসিকত কুচ বক্কৰ নামৰ ছাত্ৰজনে হতাশাৰ বাবে আত্মহত্যা কৰিছিল ৷ অভিযোগ অনুসৰি এন আই টিৰ একাডেমিক ডীন ড৹ বি কে ৰয়ে ছাত্ৰজনক দুৰ্ব্যৱহাৰ কৰিছিল আৰু শিলচৰ এন আই টিৰ ছাত্ৰ-ছাত্ৰীক প্ৰায়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷

কুচ বক্কৰৰ আত্মহত্যাৰ ন্যায় বিচাৰি, শিলচৰ এন আই টি চৌহদৰ জিমখানা পাৰ্কত একাডেমিক ডীন বিনয় কৃষ্ণ ৰয়ক অপসাৰণৰ দাবীত হাতত প্লে কাৰ্ড লৈ ছাত্ৰ-ছাত্ৰী সকলে শান্তিপূৰ্ণভাৱে আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : Congress accuses Assam CM: মুখ্যমন্ত্ৰীয়ে বালিত মূৰটো গুজি ভাবিছে তেওঁলোকৰ কৰ্মকাণ্ড কোনেও দেখা নাই; ৰকিবুল হুছেইন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.