ETV Bharat / state

Congress accuses Assam CM: মুখ্যমন্ত্ৰীয়ে বালিত মূৰটো গুজি ভাবিছে তেওঁলোকৰ কৰ্মকাণ্ড কোনেও দেখা নাই; ৰকিবুল হুছেইন

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 4:02 PM IST

Congress accuses Assam CM
বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে

নগাঁও জিলাৰ বঢ়মপুৰত ৪২ৰ চাৰি বীৰ শ্বহীদৰ স্মৰণ কৰি ১৮ ছেপ্টেম্বৰ দিনটোত শ্বহীদ দিৱস উদযাপন কৰা হয় ৷ শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে কটাক্ষ কৰে বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে । মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰীৰ প্ৰশ্নক লৈ অধ্যক্ষই পাঁচবাৰলৈ সদন স্থগিত ৰখাৰ অভিযোগ কৰে বিধায়ক হুছেইনে ৷ তেওঁ লগতে বিজেপিয়ে ৰাইজৰ টেটু চেপি কন্ঠৰোধ কৰিব বিচৰা বুলি উল্লেখ কৰি সাংসদ গৌৰৱ গগৈৰ "X" একাউণ্ট সামাজিক মাধ্যমত ৰহস্যজনকভাৱে বন্ধ কৰি থোৱা কাৰ্যৰ সংক্ৰান্তত তদন্ত হোৱাটো প্ৰয়োজন বুলি দাবী কৰে ৷

বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে

চামগুৰি, ১৮ ছেপ্টেম্বৰ: "বিনাশ কালে বিপৰীত বুদ্ধি হোৱাৰ দৰে মুখ্যমন্ত্ৰীজন বুদ্ধিভ্ৰষ্ট হৈছে । যাৰবাবে প্ৰতিশোধ পৰায়ণ হৈ পৰিছে মুখ্যমন্ত্ৰী । এইয়া নুমাবলৈ ধৰি চাকিৰ দৰে বিজেপিৰ অন্তিম সময় ৷" নগাঁও জিলাৰ বঢ়মপুৰত শ্বহীদ দিৱস কাৰ্যসূচীত অংশলৈ এনেদৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এইদৰে ওভতি ধৰে বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে । মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ অভিযোগৰ সন্দৰ্ভত বিধানসভাত তথ্যভিত্তিক আলোচনাৰ বাবে আহ্বান জনাইছে ৰকিবুল হুছেইনে ।

মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰীৰ প্ৰশ্ন উত্থাপনত সদন স্থগিত ৰখাৰ অভিযোগ কৰে বিধায়ক হুছেইনে ৷ তেওঁলোকে নীতিগতভাৱে বিষয়টো সদনত উত্থাপন কৰি এই সন্দৰ্ভত আলোচনা কৰিব বিচাৰিলেই অধ্যক্ষই সদন স্থগিত কৰাৰ কথা তেওঁ ব্যক্ত কৰে ৷ বিধানসভাৰ অধ্যক্ষই এই বিষয়ত পাঁচবাৰকৈ সদন স্থগিত ৰখাৰ কথা তেওঁ ব্যক্ত কৰে ৷ তেওঁ কয় "মুখ্যমন্ত্ৰীয়ে বালিত মূৰটো গুজি ভাবিছে তেওঁলোকৰ কৰ্মকাণ্ড কোনেও দেখা নাই" ৷ তেওঁ লগতে এই কেলেংকাৰীৰ এক উচিত তদন্ত হোৱাৰ কথা ব্যক্ত কৰে ৷

ইফালে পঞ্চায়ত নিৰ্বাচনত নিজৰ প্ৰতীকটো লৈ খেলিবলৈও মুখ্যমন্ত্ৰীৰ সাহস নথকাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰতীক বিহীনভাৱে পঞ্চায়ত নিৰ্বাচন পতাৰ পৰিকল্পনা কৰিছে বুলি মন্তব্য কৰে বিধায়ক ৰকিবুল হুছেইনে । একেদৰে সাংসদ গৌৰৱ গগৈৰ "X" একাউণ্ট সামাজিক মাধ্যমত ৰহস্যজনকভাৱে বন্ধ কৰি থোৱা কাৰ্যৰ সংক্ৰান্তত তদন্ত হোৱাটো প্ৰয়োজন বুলি দাবী বিধায়ক ৰকিবুল হুছেইনৰ । চৰকাৰে যদি ছ’চিয়েল মিডিয়াতো হস্তক্ষেপ কৰিব বিচাৰিছে তেন্তে ইয়াৰ প্ৰতিৰোধ দিবলৈ আমি সাজু থাকিব লাগিব বুলি উল্লেখ কৰি বিজেপিয়ে ৰাইজৰ টেঁটু চেপি কণ্ঠৰোধ কৰিব বিচৰা বুলি মন্তব্য কৰে বিধায়ক হুছেইনে ৷

লগতে পঢ়ক: Court notice to Assam CM: ৰাহুল গান্ধীৰ বিৰুদ্ধে কটু মন্তব্য; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতৰ চমন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.