ETV Bharat / bharat

Court notice to Assam CM: ৰাহুল গান্ধীৰ বিৰুদ্ধে কটু মন্তব্য; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতৰ চমন জাৰি

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 12:45 PM IST

Updated : Sep 18, 2023, 2:24 PM IST

ৰাজনৈতিক সভাত নিক্ষেপ কৰা বাক্যবাণে কেতিয়াবা নেতাসকলক সমস্যাত পেলায় । যাৰ বাবে কেতিয়াবা আদালতলৈও যাবলগা হয় । ২০২২ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী ৰাজেশ শুক্লাৰ সমৰ্থনত উধম সিং নগৰৰ কিছাত এখন ৰাজহুৱা সভা সম্বোধন কৰিছিল । উক্ত জনসভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সন্দৰ্ভত দিয়া মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উত্তৰাখণ্ড আদালতৰ চমন জাৰি
Court notice to Assam CM

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ : কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে ৰুদ্ৰপুৰৰ উধম সিং নগৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত ডঃ গণেশ উপাধ্যায়ে অভিযোগ দাখিল কৰিছিল । আনহাতে, দাখিল কৰা অভিযোগৰ শুনানিৰ সময়ত তেওঁৰ বিবৃতি আদালতত লিপিবদ্ধ কৰা হৈছিল ।

মুখ্যমন্ত্ৰীলৈ আদালতৰ জাননী
মুখ্যমন্ত্ৰীলৈ আদালতৰ জাননী

দাখিল কৰা অভিযোগ অনুসৰি, ২০২২ চনত উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কিছাত এখন ৰাজহুৱা সভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল । ইয়াৰ ওপৰত কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ডঃ গণেশ উপাধ্যায়ে ৰুদ্ৰপুৰ উধম সিং নগৰ জিলা আৰু সত্ৰ আদালতত এটা অভিযোগ দাখিল কৰিছিল । ডঃ গণেশ উপাধ্যায়ে দাখিল কৰা অভিযোগৰ ওপৰত তেওঁৰ বিবৃতিও লিপিবদ্ধ কৰা হৈছে ।

"উত্তৰাখণ্ডত ২০২২ চনৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২২ চনৰ ১১ ফেব্ৰুৱাৰীত ৬৭ কিচ্ছা বিধানসভা সমষ্টিৰ কিচ্ছা নগৰত অৱস্থিত তহচিল কাৰ্যালয়ৰ সন্মুখত ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল । সেই সময়ত তেওঁ দিনৰ প্ৰায় ১ বজাত এখন ৰাজহুৱা সভা সম্বোধন কৰিছিল । তাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কংগ্ৰেছ নেতা তথা তেতিয়াৰ সাংসদ ৰাহুল গান্ধীৰ নাম লৈ 'আপুনি কোন পিতৃৰ পুত্ৰ, আমি প্ৰমাণ বিচাৰিছোঁ নেকি' বুলি কৈছিল । হিমন্ত বিশ্ব শৰ্মাৰ এই সম্বোধন ৰাহুল গান্ধীৰ মাতৃ তথা সাংসদ ছোনিয়া গান্ধীৰ চৰিত্ৰৰ বিৰুদ্ধে ৰাজহুৱা অপমান বুলি অভিযোগত কোৱা হৈছে ।

লগতে কোৱা হৈছে যে, তদানীন্তন কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ চৰিত্ৰ হনন ৰাজহুৱাভাৱে কৰা হৈছে । এইটো নিশ্চিতভাৱে তথ্য আৰু প্ৰযুক্তি আইনৰ ব্যৱস্থাসমূহৰ অপব্যৱহাৰ । সমাজৰ প্ৰতিষ্ঠিত লোকৰ অনুভূতিত আঘাত হনা হৈছে । তেওঁ পূৰ্বতে আদালতক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কৈছিল । এইবাৰ উধম সিং নগৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ মীনা দেওপাই ২১ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতত হাজিৰ হ'বলৈ চমন জাৰি কৰিছে ।

লগতে পঢ়ক :Congress poll guarantees in Telangana: তেলেংগানাৰ ৰাইজক প্ৰতিশ্ৰুতি দি দিল্লীত উপস্থিত ছোনিয়া আৰু ৰাহুল

Last Updated :Sep 18, 2023, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.