বীৰ সাৱৰকাৰ গোচৰত ৰাহুল গান্ধীলৈ চমন : ১৯ আগষ্টত হাজিৰ হ'ব লাগিব আদালতত - Rahul Gandhi Savarkar controversy
Rahul Gandhi Summoned to Appear in Court : পুনে জিলা সত্ৰ আদালতে ১৯ আগষ্টত ৰাহুল গান্ধীক আদালতত হাজিৰ হ'বলৈ চমন জাৰি কৰিছে । ৰাহুল গান্ধীৰ এক বিতৰ্কিত মন্তব্যৰ বাবে বীৰ সাৱৰকাৰৰ নাতি সত্যকী সাৱৰকাৰে ২০২৩ চনৰ এপ্ৰিল মাহত আদালতত ৰুজু কৰা গোচৰৰ ভিত্তিত এই চমন জাৰি কৰা হৈছে ।

Published : May 31, 2024 at 3:57 PM IST
নিউজ ডেস্ক, ৩১ মে' : ভি ডি সাৱৰকাৰ গোচৰত ৰাহুল গান্ধীক ১৯ আগষ্টত আদালতত হাজিৰ হ'বলৈ চমন জাৰি কৰা হৈছে । উল্লেখ্য যে ২০২৩ চনৰ ৫ মাৰ্চত লণ্ডনত স্বতন্ত্ৰ বীৰ সেনানী সাৱৰকাৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক বিতৰ্কিত মন্তব্য কৰিছিল । এই মন্তব্যৰ বাবেই আদালতে ৰাহুল গান্ধীক চমন জাৰি কৰিছে ।
পুনে জিলা সত্ৰ আদালতে ১৯ আগষ্টত ৰাহুল গান্ধীক আদালতত হাজিৰ হ'বলৈ চমন জাৰি কৰিছে । উল্লেখ্য যে ৰাহুল গান্ধীৰ উক্ত বিতৰ্কিত মন্তব্যৰ বাবে স্বতন্ত্ৰ বীৰ সাৱৰকাৰৰ নাতি সত্যকী সাৱৰকাৰে ২০২৩ চনৰ এপ্ৰিল মাহত আদালতত এটা গোচৰ ৰুজু কৰিছিল ।
এই সন্দৰ্ভত অধিবক্তা সংগ্ৰাম কোলহাটকাৰে কয় যে ৰাহুল গান্ধীয়ে ব্ৰিটেইন ভ্ৰমণৰ সময়ত যোৱা বছৰ লণ্ডনত স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকাৰৰ বিষয়ে ভুল মন্তব্য প্ৰদান কৰিছিল । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লণ্ডনত তেওঁৰ ভাষণৰ সময়ত প্ৰসংগক্ৰমে বীৰ সাৱৰকাৰৰ কথা উল্লেখ কৰিছিল । সেই সময়ত তেওঁ কৈছিল যে বীৰ সাৱৰকাৰ আৰু তেওঁৰ বন্ধুসকলে এজন সংখ্যালঘু ব্যক্তিক প্ৰহাৰ কৰিছিল ।
ৰাহুল গান্ধীয়ে লগতে উল্লেখ কৰিছিল যে বীৰ সাৱৰকাৰ সেই সময়ত সুখী আছিল । ৰাহুল গান্ধীৰ এই বক্তব্যৰ বাবেই বিতৰ্কৰ সৃষ্টি হয় । তাৰ পিচত এই বিষয়ত আদালতত এটা গোচৰ ৰুজু কৰা হয় । ধাৰা 209-ৰ অধীনত এই গোচৰটো পুনে আৰক্ষীৰ ওচৰত ৰুজু কৰা হয় । বৰ্তমান আদালতে এই গোচৰটোত ৰাহুল গান্ধীক ১৯ আগষ্টত আদালতত হাজিৰ হ'বলৈ চমন পঠিয়াইছে ।
আনহাতে, ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিচতে ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিজেপিয়ে ৰাহুল গান্ধীৰ এই মন্তব্যৰ তীব্ৰ সমাললোচনা কৰিছিল । ইফালে যোৱা বছৰ এই বিষয়টো টানি আনি কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে মন্তব্য কৰিছিল, "কেইবা দশক ধৰি লগতে এতিয়াও বহু লোকে ভি ডি সাৱৰকাৰক মহাত্মা গান্ধীৰ হত্যাৰ মূল সূত্ৰধাৰ হিচাপে গণ্য কৰে । কিন্তু সত্য কথাটো হ'ল যে এই হত্যাকাণ্ডত তেওঁৰ কোনো ভূমিকা নাছিল আৰু হত্যাকাৰীক সাৱৰকাৰে সমৰ্থনো কৰা নাছিল ।" মন্ত্ৰীগৰাকীয়ে লগতে কৈছিল যে কেৱল ডঃ আম্বেদকাৰৰ সহায়ৰ বাবেই প্ৰকৃত সত্যটো পোহৰলৈ আহে যে সাৱৰকাৰে গান্ধীক হত্যা কৰা নাই ।
নতুন দিল্লীৰ ৰাজহুৱা পুথিভঁৰালত ২০২৩ চনৰ ৩ জুনত 'অমৃত কাল মহোৎসৱ' উপলক্ষে আয়োজিত 'বীৰ সাৱৰকাৰ জয়ন্তী' শীৰ্ষক এক অনুষ্ঠানত অংশ লৈ এই মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল । লগতে আইন মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কৈছিল যে ৰাজনৈতিক লাভালাভৰ বাবে ইচ্ছাকৃতভাৱে সাৱৰকাৰক বদনাম কৰাৰ বাবে পৰোক্ষভাৱে কংগ্ৰেছে সমালোচনা কৰি আহিছে ।
লগতে পঢ়ক :Rahul Gandhi Statement Over Savarkar : ৰাহুল গান্ধীক বিজেপিৰ আক্ৰমণ

