99 টকাতে থিয়েটাৰত আজি উপভোগ কৰক চিনেমা - Cinema Lovers Day 2024
Cinema Lovers Day 2024 : ৩১ মে'ত চিনেমাপ্ৰেমী দিৱস উদযাপন কৰা হৈছে । এই উপলক্ষে দৰ্শকে মাত্ৰ ৯৯ টকাত থিয়েটাৰলৈ গৈ এই চলচ্চিত্ৰসমূহ চোৱাৰ সুযোগ লাভ কৰিছে ।

Published : May 31, 2024 at 3:19 PM IST
চিটাৰা ডেস্ক, 31 মে’ : আজি ৩১ মে' তাৰিখে চিনেমা লাভাৰ্ছ ডে’ ২০২৪ উদযাপন কৰা হৈছে । এই চিনেমা লাভাৰ্ছ ডে’ উপলক্ষে মাত্ৰ ৯৯ টকাত দৰ্শকে ছবিগৃহত নতুন পুৰণি ছবি চোৱাৰ সুযোগ লাভ কৰিছে ।
মাল্টিপ্লেক্স এছ’চিয়েশ্যন অৱ্ ইণ্ডিয়াই এই কথা ঘোষণা কৰিছিল আৰু ঘোষণাত কৈছিল যে ৩১ মে’ ত চিনেমা লাভাৰ্ছ ডে’ আৰু এই দিনটোত (শুকুৰবাৰে) মাত্ৰ ৯৯ টকাতে দৰ্শকে চিনেমা চাব পাৰিব ।
আজি চলচ্চিত্ৰপ্ৰেমীৰ বাবে এটা ডাঙৰ সুযোগ আছে যে তেওঁলোকে মাত্ৰ ৯৯ টকাতে এসপ্তাহ পূৰ্বে আৰু আজি ৩১ মে’ত মুক্তি পোৱা ছবি উপভোগ কৰিব পাৰিব ।
৯৯ টকাত ক'ত কি চিনেমা চাব পাৰিব জানি লওক-
ক’ত চাব পাৰিব চিনেমা ?
এম এ আইয়ে জাৰি কৰা বিবৃতি অনুসৰি ৯৯ টকাত দৰ্শকে পিভিআৰ, চিনেপলিছ, আয়’নক্স, মিৰাজ আৰু ডিলাইটত চিনেমা চাব পাৰিব ।
চিনেমা লাভাৰ্ছ ডে’ৰ বিশেষ দিনটোত সমগ্ৰ দেশৰ ৪ হাজাৰৰো অধিক ছবিগৃহই মাল্টিপ্লেক্সৰ সৈতে হাত মিলাইছে ।
কোনসমূহ ছবি চাব পাৰিব 99 টকাত ?
মনোজ বাজপেয়ীৰ ছবি ভাইয়া জী, ৰাজকুমাৰ ৰাওৰ জীৱনীমূলক ছবি শ্ৰীকান্ত, আজি ৩১ মে’ত মুক্তি পোৱা ৰাজকুমাৰ ৰাও আৰু জাহ্নৱী কাপুৰ অভিনীত ছবি মিষ্টাৰ এণ্ড মিচেছ মাহী আৰু অনুপম খেৰৰ ছবি ‘ছোটা ভীম এণ্ড দ্য কাৰ্ছ অৱ্ দমায়ন’ ত মাত্ৰ ৯৯ টকাতে আপুনি থিয়েটাৰলৈ গৈ চাব পাৰে ।
লগতে পঢ়ক : "প্ৰেম সংকোচন নেহী, প্ৰেম বিস্তাৰ হে" প্ৰেমৰ বাৰ্তাৰে শীঘ্ৰেই আহি আছে কুকি - Kooki hindi movie

