Road Accident in Kakopathar: কাকপথাৰৰ ডিৰাক সোনজানত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত 12 গৰাকী

By

Published : Jul 9, 2023, 2:08 PM IST

thumbnail

তিনিচুকীয়া, 9 জুলাই: দেওবাৰে পুৱাই তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক সোনজানত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অৰুণাচল প্ৰদেশৰ পৰা অহা ARX 0434 নম্বৰৰ এখন যাত্ৰীবাহী বাছ আৰু এখন চোফা কঢ়িয়াই অনা গাড়ীৰ মাজত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত, কাকপথাৰৰ ডিৰাক সোনজানত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷  

এই ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় 12 গৰাকী লোক ৷ 5জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ এখন ছোফা কঢ়িয়াই অনা গাড়ীক অৰুণাচল প্ৰদেশৰ যাত্ৰীবাহী বাছে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ ফলত ছোফা কঢ়িয়াই অনা বাহনখনৰ চালক অজয় ফুকন আঘাতপ্ৰাপ্ত হৈ গাড়ী ভিতৰতেই আবদ্ধ হৈ পৰে ৷ পাছত স্থানীয়লোকে গাড়ীখন কাটি-ভাঙি তেওঁক উদ্ধাৰ কৰে ৷  

আনহাতে বাছখনৰ চালক আৰু হেন্দিমেনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ স্থানীয় লোকৰ তৎপৰতাত বাছৰ সকলো লোকক উদ্ধাৰ কৰি চিকিৎসাৰ কাৰণে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইফালে দুৰ্ঘটনা সংঘটিত হোৱা যাত্ৰীবাহী বাছখন কাষৰ এটা ঘৰৰ পুখুৰীত সোমোৱাৰ পৰা কথমপি ৰক্ষা পৰে ৷

লগতে পঢ়ক: Accident at Rangia : 27 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.