Accident at Rangia : 27 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

By

Published : Jul 9, 2023, 9:41 AM IST

thumbnail

ৰঙিয়া, 9 জুলাই : ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনা । ৰৈ থকা ট্ৰেইলাৰত তীব্ৰ বেগী ট্ৰেইলাৰে খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত এজন চালক গুৰুতৰভাৱে আহত হয় বুলি জানিবলৈ পৰা গৈছে । উল্লেখ্য যে, ৰঙিয়া ঘাইপথত ৰৈ থকা MH-15-EG-7213 নম্বৰৰ চাৰিচকীয়া হোণ্ডাই বাহন কঢ়িয়াই অনা এখন ট্ৰেইলাৰত গুৱাহাটী অভিমুখী RJ-11-GC-2547 নম্বৰৰ এখন তীব্ৰবেগী ট্ৰেইলাৰে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে । 

যাৰ ফলত হোণ্ডাই বাহন কঢ়িওৱা ট্ৰেইলাৰ বাহনখন 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চিটিকি তলৰ আন এটা পথত পৰি যায় । লগে লগে ৰাজস্থানৰ ট্ৰেইলাৰখনৰ সন্মুখভাগ ভাঙি চূৰ্ণ-বিচূৰ্ণ হয় । দুৰ্ঘটনাটোত ট্ৰেইলাৰখনৰ চালকজন গুৰুতৰভাৱে আহত হয় । আহত চালকজনক ৰাইজৰ সহযোগত আৰক্ষীয়ে চিকিৎসালয় ভৰ্তি কৰে । বৰ্তমানলৈকে চালকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : Domestic violence in Barpeta : যৌতুকৰ দাবীত বোৱাৰীক নিৰ্মম অত্যাচাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.