ETV Bharat / state

Domestic violence in Barpeta : যৌতুকৰ দাবীত বোৱাৰীক নিৰ্মম অত্যাচাৰ

author img

By

Published : Jul 9, 2023, 8:23 AM IST

Woman harrased for dowry at kalgachia
বোৱাৰী নিৰ্যাতনৰ ঘটনা

কলগাছিয়াত বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ যৌতুকৰ দাবীত বোৱাৰীক উপৰ্যুপৰি প্ৰহাৰৰ অভিযোগ ভুক্তভোগীৰ । বোৱাৰীগৰাকীক মাৰপিট কৰি দুই নিষ্পাপ শিশুৰ সৈতে ৰাস্তাত পেলাই দি ঘৰ এৰি পলায়ন স্বামী পৰিয়ালৰ ।

যৌতুকৰ নামত নিৰ্মম অত্যাচাৰ

জনীয়া, 9 জুলাই : ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰ গাঁৱত সংগঠিত হৈছে বোৱাৰী নিৰ্যাতনৰ ঘটনা । উল্লেখযোগ্য যে, জনীয়া সমষ্টিৰ হালধীয়া গাঁৱৰ এগৰাকী কন্যা এঘাৰ বছৰ পূৰ্বে শওপুৰ গাঁৱৰ তাৰিফ আলীৰ সৈতে সামাজিক ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল । বিয়াৰ পিছৰ পৰাই স্বামীৰ লগতে স্বামীৰ পৰিয়ালে যৌতুকৰ দাবীত তাৰিফ আলীৰ পত্নীক শাৰীৰিক-মানসিকভাৱে অত্যাচাৰ চলায় আহিছে বুলি অভিযোগ উত্থাপন হৈছে । স্বামী তথা পৰিয়ালটোৱে দাবী কৰা মতে যৌতুক দিব নোৱাৰাৰ বাবেই শাৰীৰিক আৰু মানসিকভাৱে বোৱাৰীগৰাকীক অত্যাচাৰ চলাই আহিছে ।

স্বামীৰ পৰিয়ালৰ অত্যাচাৰ অত্যাচাৰ সহিব নোৱাৰি কিছুদিন পূৰ্বে পিতৃৰ ঘৰলৈ গুছি গৈছিল বোৱাৰীগৰাকী ৷ শনিবাৰে পুনৰ স্বামীৰ ঘৰত উপস্থিত হোৱাৰ পিচতে পুনৰ আৰম্ভ হয় নিৰ্যাতন ৷ স্বামীৰ লগতে পৰিয়ালৰ লোকে শনিবাৰৰ নিশা প্ৰায় 10 বজাত নিৰ্মমভাৱে মাৰপিট কৰাৰ পিচত দুটি শিশুসহ ৰাস্তাৰ কাষত এৰি থৈ যায় বোৱাৰীগৰাকীক ৷

ইয়াৰ পিচতে স্বামীৰ লগতে পৰিয়ালৰ লোকে পলায়ন কৰে বুলি জানিবলৈ দিয়ে ভুক্তভোগী পৰিয়ালটোৱে । ঘটনাস্থলীত নিশা প্ৰায় 12 বজাত কলগাছিয়া আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় বুলি জানিবলৈ পৰা গৈছে । ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষী প্ৰশাসনক উক্ত ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায় ।

উল্লেখ্য যে, 11 বছৰ পূৰ্বে বৈবাহিক জীৱন আৰম্ভ কৰা দম্পতীটোৰ আছে তিনিটা সন্তান ।

লগতে পঢ়ক : NEP 2023 : নতুন শিক্ষা নীতিক আদৰণি জনাইছে সমালোচক ময়ূৰ বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.