ETV Bharat / state

NEP 2023 : নতুন শিক্ষা নীতিক আদৰণি জনাইছে সমালোচক ময়ূৰ বৰাই

author img

By

Published : Jul 9, 2023, 7:19 AM IST

Mayur Bora at Kaliabor
অভিনন্দন অনুষ্ঠানত সমালোচক ময়ূৰ বৰা

কলিয়াবৰৰ এক অভিনন্দন অনুষ্ঠানত লেখক-সমালোচক ময়ূৰ বৰা ৷ মাধ‍্যম বিতৰ্কৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ মন্তব‍্যক সমৰ্থন জনায় বৰাই ৷

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

কলিয়াবৰ, 9 জুলাই : নতুন শিক্ষা নীতিক আদৰণি জনাইছে লেখক, সমালোচক ময়ূৰ বৰাই ৷ নতুন শিক্ষা নীতিত মাধ‍্যম বিতৰ্ক সম্পৰ্কত লেখকগৰাকীয়ে কয়, দেশৰ প্ৰধানমন্ত্ৰী তথা গৃহ মন্ত্ৰীয়েও শিক্ষাৰ মাধ‍্যম মাতৃভাষাৰ লগত সংপৃক্ত হ'লেহে শিক্ষাৰ্থীৰ বিদ‍্যায়তনিক বিকাশ সহজসাধ‍্য হয় বুলি মন্তব‍্য কৰিছে । লগতে বৰাই নতুন শিক্ষা নীতিৰ ওপৰত আৰু অধিক আলোচনা-বিলোচনাৰ প্ৰয়োজনীয়তাৰ পোষকতা কৰে । এই ক্ষেত্ৰত কেৱল চৰকাৰী পক্ষই নহয় শিক্ষক সমাজৰো মতামত গ্ৰহণ কৰাটো আৱশ‍্যক বুলি কয় বৰাই ।

শিক্ষাৰ মাধ‍্যম সন্দৰ্ভত দেশৰ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ মন্তব‍্যক গুৰুত্ব দিলে নতুন শিক্ষা নীতি নিশ্চয় আদৰণীয় হ’ব বুলিও কয় লেখকগৰাকীয়ে । নতুন শিক্ষা নীতি সন্দৰ্ভত সৃষ্টি হোৱা খাম-খেয়ালিবোৰ নাইকিয়া কৰিবলৈ সকলো পক্ষকে আলোচনাৰ মাজলৈ আনি বিষয়বোৰ মীমাংসা কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় ময়ূৰ বৰাই । আনহাতে, শিক্ষকসকলৰ প্ৰতি কৰা উপলুঙাসূচক মন্তব‍্যৰ তীব্ৰ বিৰোধিতা কৰি ময়ূৰ বৰাই কয়, চৰকাৰী বিষয়া-কৰ্মচাৰীক বিভিন্ন নীতি-নিৰ্দেশনা দিয়াৰ কৰ্তৃত্ব চৰকাৰৰ আছে । সেই ক্ষেত্ৰত শিক্ষকসকলৰো দায়িত্ব আছে । কিন্তু শিক্ষকসকলক এনে ক্ষেত্ৰত পেংলাই কৰা বা উপলুঙা কৰা কাৰ্য‍ৰ বিৰুদ্ধে বিদ‍্যায়তনিক জগতখনক ভালপোৱা লোকসকলে প্ৰতিবাদ কৰা উচিত । যদি কোনো শিক্ষকৰ শিক্ষকতাৰ গুণ নাই, তেনে শিক্ষকক চিনাক্ত কৰি বদলি কৰক বা শাস্তি দিয়ক তাত আপত্তি কৰিবলগীয়া নাই । কিন্তু তাকে নকৰি সকলো শিক্ষককে সামৰি যিকোনো মন্তব‍্য প্ৰকাশ কৰাটো বৰ্জন কৰিব লাগে বুলি সংবাদ মাধ্যমৰ আগত কয় ময়ূৰ বৰাই ।

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণসকলক অভিনন্দন জনোৱা এক অনুষ্ঠানত শনিবাৰে উপস্থিত থাকে লেখক-সমালোচক ময়ূৰ বৰা । কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 146 গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে অসম লোক সেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসম আৰক্ষী সেৱাৰ 22 তম স্থান লাভ কৰা কলিয়াবৰৰ বৰুৱাচুকৰ টিংকুজ্যোতি চৌধুৰী আৰু 43 তম স্থান লাভ কৰা কলিয়াবৰৰ পানীগাঁৱৰ বিদ্যুৎ কুমাৰ শইকীয়াকো অভিনন্দন জনায় ।

লগতে পঢ়ক : Journalist Protest in Dhubri:সাংবাদিক আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত ধুবুৰীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.