যোৰহাটত চাঞ্চল্যকৰ ডকাইতিকাণ্ড, লুটি নিলে 16 লাখ টকা

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 8:43 AM IST

Updated : Nov 26, 2023, 10:00 AM IST

thumbnail

যোৰহাট, 26 নৱেম্বৰ : যোৰহাটত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিকাণ্ড ৷ শনিবাৰৰ নিশা প্ৰায় 9.30 বজাত যোৰহাটৰ মাৰোৱাৰী পট্টিত সংঘটিত হোৱা এই চাঞ্চল্যকৰ ডকাইতিৰ ঘটনাটোৱে নগৰখনৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপটো উদঙাই দেখুৱাইছে । তথ্য অনুসৰি, অঞ্চলটোৰ পাইকাৰী বস্ত্ৰ ব্যৱসায়ী জানভী টেক্সটাইলৰ স্বত্বাধিকাৰী কমল ডালমিয়াৰ পুত্ৰ মিহিৰ ডালমিয়াই দোকান বন্ধ কৰি সমীপৰ নিজৰ ঘৰ অভিমুখে আহি আছিল ৷ লগত কঢ়িয়াই আনিছিল টকা ভৰ্তি এটা বেগ ।

বেগটোত নগদ 16 লাখ টকা আছিল বুলি আৰক্ষীৰ আগত অৱগত কৰে মিহিৰে । নম্বৰ প্লেটবিহীন বাইকত অহা চাৰিজনীয়া দুষ্কৃতিকাৰীৰ দলে ব্যৱসায়ীজনক ক্ৰিকেট বেটেৰে গুৰুতৰভাৱে আঘাত কৰে ৷ ব্যৱসায়ীজনে মূৰ আৰু চকুত বেয়াকৈ আঘাত পায় বুলি জানিব পৰা গৈছে । আন্ধাৰৰ সুযোগ লৈ দুস্কৃতিকাৰীয়ে সংঘটিত কৰা এই ঘটনাৰ পিচতে নগৰবাসীয়ে নিৰাপত্তাহীনতাত ভুগিবলৈ ধৰিছে ।

নিশাই ঘটনাস্থলীত আৰক্ষী অধীক্ষক মোহন লাল মীনা ,উপ আৰক্ষী অধীক্ষক, সদৰ থানা আৰক্ষী বিষয়া সহিতে উচ্চ পদস্থ আৰক্ষী বিষয়াৰ দল উপস্থিত হৈ ঘটনা পৰ্যবেক্ষণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক : চিকিৎসালয়ৰ পৰা পলাল ধৰ্ষণৰ গোচৰত দণ্ডিত হৈ থকা কয়দী

Last Updated : Nov 26, 2023, 10:00 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.