চিকিৎসালয়ৰ পৰা পলাল ধৰ্ষণৰ গোচৰত দণ্ডিত হৈ থকা কয়দী

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 8:27 PM IST

thumbnail

যোৰহাট, 24 নৱেম্বৰ : পুনৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক লৈ উথাপন হৈছে প্ৰশ্নৰ ৷ সোপাঢিলা ব্যৱস্থাৰ বাবে আৰক্ষীৰ বেহু ফালি পলাল কয়দী ৷ এই ঘটনা সংঘটিত হৈছে যোৰহাটত ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পৰা আৰক্ষীৰ বেহু ফালি পলাল ধৰ্ষণৰ গোচৰত অভিযুক্ত এটা কয়দী ৷

কয়দীটোক চিকিৎসা সম্পৰ্কীয় সমস্যাৰ বাবে যোৰহাট কেন্দ্ৰীয় কাৰাগৰ কৰ্তৃপক্ষই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছিল আৰু চিকিৎসালয়ত ভৰ্তি হৈ থকা অৱস্থাতে ধৰ্ষণৰ গোচৰত অভিযুক্ত কয়দীটোৱে পলায়ন কৰে ৷ দহ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈ আছিল কয়দীটো ৷ শুকুৰবাৰে বিয়লি চিকিৎসালয়ৰ পৰা পলায়ন কৰাৰ কয়দীটোৰ নাম হ'ল বৃন্দাবন বৰা ৷ চিকিৎসাধীন হৈ থকা কয়দীটোৰ হাতত হেণ্ডকাফ লগাই থোৱা আছিল ৷

এই ঘটনাই সমগ্ৰ চিকিৎসালয়খনতে হুৱাদুৱাৰ সৃষ্টি কৰে ৷ পলায়ন কৰা কয়দীটো আটক কৰিবৰ বাবে আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে ৷ এই সমগ্ৰ ঘটনাক সংবাদ মাধ্যম পৰা আঁতৰাই ৰাখিব বিচাৰিছে আৰক্ষী আৰু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ 
 

লগতে পঢ়ক : বাৰত মাৰপিটৰ অভিযোগত জিএমচিএইছৰ তিনি ছাত্ৰক বহিষ্কাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.