Robbery at Teok: টীয়কত আলফাৰ নামত ধন দাবী কৰি আটক হ’ল যুৱক

By

Published : Feb 28, 2023, 1:26 PM IST

thumbnail

টীয়ক, ২৮ ফেব্ৰুৱাৰী: আৰক্ষীয়ে ৰাজ্যজুৰি অপৰাধ নিয়ন্ত্ৰণৰ বাবে কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ মাজতেই ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা ৷ বিভিন্ন ঠাইত জুৱা খেলৰ লগতে ড্ৰাগছ সৰবৰাহ, গৰুৰ চোৰাং বেহা, বিভিন্ন সংগঠনৰ নামত ধন দাবী, হত্য়াৰ ভাবুকিৰে ডকাইতি কাণ্ড আদি সংঘটিত হৈ আছে ৷ এনে ঘটনাৰ মাজতেই এইবাৰ টীয়কত গ্ৰেপ্তাৰ হ'ল আলফাৰ নামত ধন দাবী কৰা এজন যুৱক (Robber arrested at Teok)।

যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানীত আলফাৰ নাম লৈ নিশা এক ডকাইতি কাণ্ড সংঘটিত হৈছে । টীয়কৰ এজাৰগুৰিত দলঙৰ কামত ব্য়ৱহৃত এখন ৰ'লাৰ নিশা টীয়কৰ কলিয়াপানীত তেল ভৰাবলৈ ৰৈ থাকোতে এজন যুৱকে আহি প্ৰথমে ৰ'লাৰ চালকজনক ইয়াত ৰ'লাৰ কিয় ৰাখিছ বুলি প্ৰশ্ন কৰি নিজকে আলফাৰ কেডাৰ বুলি পৰিচয় দিয়ে (Robber arrested at Kaliapani in Teok)। যুৱকজনে ইয়াৰ পিছতেই ৰ'লাৰ চালকজনক এশ টকা বিচাৰে ।  

প্ৰথম অৱস্থাত দীপক শৰ্মা নামৰ চালককজনে দাবী কৰা ধন দিবলৈ অমান্তি হয় যদিও পৰবৰ্তী সময়ত তেওঁক ৰ'লাৰৰ পৰা নমাই আনি মাৰধৰ কৰি এশ টকাৰ পৰিৱৰ্তে পাঁচ হাজাৰ টকা বিচাৰে । এই প্ৰসংগত  চালকজনকজনে অভিযোগ কৰি কয় যে সেই সময়ত যুৱকজনে কাৰোবাক ফোনত দা লৈ আহিবলৈ কৈছিল । যুৱকজনে এইদৰে কোৱা শুনি ভয়ত চালকজনে এশ টকা দিবলৈ লওতেই যুৱকজনে তেওঁৰ পইচাৰ বেগ, ম'বাইল ফোন জেপৰ পৰা উলিয়াই আৰু হাতত পিন্ধি থকা আঙঠিটো লৈ দৌৰি পলায়ন কৰে ।

ইপিনে, ঘটনাটো সংঘটিত হোৱাৰ খবৰ পাই উক্ত স্থানত ততাতৈয়াকৈ টীয়ক আৰক্ষী উপস্থিত হৈ অনুসন্ধান কৰি কলিয়াপানী মুছলিম গাঁৱৰ ৰাজু আলী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আনে । ইপিনে, ৰাজুৱে এই ঘটনা সুৰাসক্ত হৈ সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে । আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । তদন্তৰ অন্তহে প্ৰকৃততে ৰাজু আলীয়ে কিয় এইদৰে নিশা আলফাৰ নামত ধন দাবী কৰিছিল তাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।

লগতে পঢ়ক:Scam in PMAJ at Marigaon: প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত হিতাধিকাৰী বাচনিত দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.