Scam in PMAJ at Marigaon: প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত হিতাধিকাৰী বাচনিত দুৰ্নীতিৰ অভিযোগ

By

Published : Feb 28, 2023, 12:06 PM IST

thumbnail

মৰিগাঁও, ২৮ ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাবছৰ ধৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য চলি আছে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এই আঁচনিত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত নকৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে । কিন্তু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাকো আওকান কৰি একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধি তথা ঠিকাদাৰে চলাই আহিছে ব্য়াপক অনিয়ম তথা দুৰ্নীতি (Corruption allegations in making of PM Awas Yojana)। এই আঁচনিৰ অধীনত আবাস নিৰ্মাণত আউল লগাই দৰিদ্ৰ পৰিয়ালৰ বাবে অহা চৰকাৰী আবাস গৃহৰ নামত একাংশই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । ৰাজ্য়ৰ আন জিলাৰ লগতে মৰিগাঁৱতো এই আঁচনিৰ হিতাধিকাৰী বাচনি কৰাত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি বঞ্চিত মহিলাই সোমবাৰে প্ৰতিবাদ সাব্য়স্ত কৰে (Protest against Manipur Gaon Panchayat president)।  

মৰিগাঁও জিলা পৰিষদৰ অন্তৰ্গত তথা ভূৰবন্ধা উন্নয়ন খণ্ডৰ ভিতৰুৱা মানিপুৰ গাঁও পঞ্চায়ত কাৰ্যলয়ত পঞ্চায়তখনৰ সাত নং ৱাৰ্ডৰ একাংশ মহিলাই কালি ৰুদ্ৰমূৰ্তি ধাৰণ কৰে (Deprived Beneficiary Protest against Manipur Gaon Panchayat )। উত্থাপিত অভিযোগ মতে, এই পঞ্চায়তখনৰ সভাপতি ললিন্দ্ৰ দাস দেউৰীসহ মানিপুৰ গাঁও পঞ্চায়তৰ শাসকীয় দলৰ জন প্ৰতিনিধিসকলে পঞ্চায়তখনৰ সাত নং ৱাৰ্ডটোৰ সদস্যগৰাকী শাসকীয় দলৰ নোহোৱাৰ বাবে সংশ্লিষ্ট ৱাৰ্ডটোৰ দুখীয়া হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ লাভৰ পৰা উদ্দেশ্য প্ৰণোদিতভাৱে বঞ্চিত কৰে (Allegation of scam in PMAJ at Marigaon Zila Parisad)। ফলত সোমবাৰে বঞ্চিত হিতাধিকাৰীসকল উপস্থিত হৈ ক্ষুব্ধ হৈ পৰাৰ লগতে পঞ্চায়ত কাৰ্যালয়টো জ্বলাই দিয়াৰো হুংকাৰ দিয়ে ।  

উত্থাপিত অভিযোগ মতে, মানিপুৰ গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ সদস্য় গণেশ বৰদলৈ শাসকীয় দলৰ নোহোৱাৰ বাবেই ৱাৰ্ডৰটোৰ হিতাধিকাৰীসকল বঞ্চিত হৈছে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ পৰা । বঞ্চিত হিতাধিকাৰীসকলে এই ক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ।

লগতে পঢ়ক:Decision to cancel school accreditation: ছেবাৰ বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সিদ্ধান্তৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.