খোৱাঙত সজাগতাৰ বাৰ্তা লৈ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 9:47 AM IST

thumbnail

ডিব্ৰুগড়, 12 ডিচেম্বৰ: বিশ্ব স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি পথ সুৰক্ষা জনিত এক কাৰ্যসূচীৰে সোমবাৰৰ নিশা খোৱাঙত আহি উপস্থিত হয় পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য । মন্ত্ৰীজনে ডিব্ৰুগড়ৰ পৰা এক বৃহৎ বাইক ৰেলীৰে নিশাৰ ভাগত আহি উপস্থিত হয় খোৱাঙত । খোৱাং চাৰিআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত মন্ত্ৰীগৰাকীয়ে ভাগ লয় এখন ৰাজহুৱা সভাত । 

সভাত মন্ত্ৰীজনে অসমৰ লগতে ডিব্ৰুগড় জিলাত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ  পৰিসংখ্যা উল্লেখ কৰি পথ দুৰ্ঘটনা ৰোধৰ বাবে ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় । মদ খাই অধিক দুৰ্ঘটনা সংঘটিত হোৱা বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয়, “গাখীৰ লৈ ফেৰিৱালাই ঘৰে ঘৰে ফুৰে, মদ খোৱা লোকে দোকানত গৈ নিজেই ভিৰ কৰে ।" 

এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া, মীন বিষয়া আৰু আবকাৰী বিভাগৰ কৰ্ম-কৰ্তাসকলে । 

লগতে পঢ়ক: বিকল চেন্সৰ কেমেৰা, বুঢ়াপাহাৰত তীব্ৰবেগী বাহনে খুন্দিয়ালে বনৰীয়া ম’হক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.