বিকল চেন্সৰ কেমেৰা, বুঢ়াপাহাৰত তীব্ৰবেগী বাহনে খুন্দিয়ালে বনৰীয়া ম’হক

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 8:37 AM IST

Updated : Dec 12, 2023, 9:45 AM IST

thumbnail

কাজিৰঙা, 12 ডিচেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন ৷ দ্ৰুতবেগী বাহনৰ খুন্দাত আহত হ’ল ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা এটা বনৰীয়া মʼহ ৷ আঘাতপ্ৰাপ্ত বনৰীয়া মʼহটোৱে বৰ্তমানেও ঘাইপথৰ দাঁতিতে আশ্ৰয় লৈ থকা বুলি জানিব পৰা গৈছে ৷ আনহাতে, নিশাৰ ভাগতে ঘটনাস্থলীত উপস্থিত হয় বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া আৰু বনকৰ্মী ৷

উল্লেখ্য যে, বুঢ়াপাহাৰৰ পৰা কঁহৰালৈকে বিকল হৈ আছে চেন্সৰ কেমেৰা ৷ চেন্সৰ কেমেৰাসমূহ বিকল হৈ থকাৰ ফলত অধিক বেগত গাড়ী চলাচল কৰিছে ৷ যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয়লোকে ৷ ঘটনাৰ সন্দৰ্ভত বন বিষয়াই কয় যে, নিশাৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ঘাইপথলৈ ওলাই অহা ম’হটোক তীব্ৰবেগী বাহনে খুন্দা মাৰিছে নে অন্য কাৰণত আঘাতপ্ৰাপ্ত হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ তেওঁ কয়, ‘‘ আমি ইনজেক্টচন দিছো ৷ দিনৰ ভাগলৈ যদি সুস্থ নহয় তেতিয়া হ’লে ট্ৰেংকুলাইজ কৰি চিকিৎসা কৰিব লাগিব ৷’’

লগতে পঢ়ক : চামগুৰিৰ মোৱামাৰীত পথৰ দাঁতিত ৰৈ থকা লোকক মহতিয়াই নিলে স্কুটিয়ে আৰোহীয়ে

Last Updated : Dec 12, 2023, 9:45 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.