Morigaon Road Accident: মৰিগাঁৱত পথ দুৰ্ঘটনাত নিহত এজন; কেইবাজনো আহত

By

Published : Jul 13, 2023, 7:01 AM IST

Updated : Jul 13, 2023, 8:10 AM IST

thumbnail

মৰিগাঁও, 13 জুলাই: মৰিগাঁও-নগাঁও পথৰ সাতগাঁৱত বুধবাৰে সন্ধিয়া তিনিখন বাহনৰ মাজত ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় আন কেইবাগৰাকী । জালুগুটি আৰক্ষীৰে সদৰী কৰা মতে নিহত লোকজন টুকটুকীৰ মজিত আলি । জানিব পৰা মতে, এখন মাছ কঢ়িওৱা মহিন্দ্ৰা জিত’ বাহনে এখন বাইকত খুন্দিয়ায় । এই দুৰ্ঘটনাটোত তিনিখনকৈ বাহন পতিত হয় ৷ 

দুৰ্ঘটনাত পতিত বাহনকেইখন হৈছে AS-02-CC-2683 নম্বৰৰ মহিন্দ্ৰা জিত’, AS-02-E-5818 নম্বৰৰ ট্ৰাক আৰু AS-21-L-5223 নম্বৰৰ পালচাৰ বাইক ৷ মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটি আৰক্ষী পহৰাচকীৰ সমীপৰ সাতগাঁৱত সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনাটো ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতেই ঘটনাস্থলীত জালুগুটি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে নিহত লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱৰ শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, মৰিগাঁও-নগাঁও পথৰ সাতগাঁৱত একেধাৰে বহুকেইটা পথ দুৰ্ঘটনাত একাধিক লোকৰ প্ৰাণহানি হৈছে ৷ উক্ত অঞ্চলৰ ৰাইজে এই স্থানত গতিৰোধক দিয়াৰ বাবে জিলা প্ৰশাসনক আহ্বান জনাইছে ।

লগতে পঢ়ক: Road Accident in Kakopathar: কাকপথাৰৰ ডিৰাক সোনজানত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত 12 গৰাকী

Last Updated : Jul 13, 2023, 8:10 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.