Youth join in Congress: ৰঙিয়াত একাংশ যুৱকৰ কংগ্ৰেছত যোগদান

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 8:06 AM IST

thumbnail

ৰঙিয়া, 16 অক্টোবৰ : ৰঙিয়াত একাংশ যুৱ প্ৰজন্মই কংগ্ৰেছত যোগদান কৰে । ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বৈদ্যগড় গাঁও পঞ্চায়ত আৰু বিচেন্নালা গাঁও পঞ্চায়তৰ বহু কেইজন নতুন ভোটাৰে বিৰোধী দলটোত যোগদান কৰে । লগতে গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্য তথা অগপ কৰ্মী বসন্ত কলিতায়ো কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে ।

ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত উপস্থিত থকা কামৰূপ জিলা কংগ্ৰেছ উপ সভাপতি মুৰটাজ ৰহমান, বিবুলৰ ৰহমান, ৰঙিয়া গ্ৰাম্য ব্লকৰ সভাপতি উদ্ধৱ দাস, টাউন ব্লকৰ সভাপতি উজ্জল লহকৰ, জিলা সাধাৰণ সম্পাদক পংকজ কলিতা, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক মিলন চৌধুৰী, সাংগঠনিক সম্পাদকৰ জেহেৰুল ইছলাম, জ্যেষ্ঠ  কংগ্ৰেছী মমত কলিতাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে গেৰুৱা দলটোৱে নিৰ্বাচনৰ আগত দিয়া আশ্বাস-প্ৰতিশ্ৰুতিসমূহৰ কোনো এটাই কাৰ্যকৰী নকৰিলে । ৰাইজক কেৱল প্ৰতাৰণা কৰা বিজেপিক আগন্তুক নিৰ্বাচনত ভোটাৰে প্ৰত্যাখ্যান কৰিব বুলি দোহাৰে তেওঁলোকে । আগন্তুক দিনত কংগ্ৰেছে সাংগঠনিক ভেঁটি মজবুত কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে কংগ্ৰেছ নেতাই ।

লগতে পঢ়ক : Ganashakti Party : কংগ্ৰেছত যোগদান কৰা তিলক ফুকনৰ আমাৰ সৈতে কোনো সম্পৰ্ক নাই: গণশক্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.