Ganashakti Party : কংগ্ৰেছত যোগদান কৰা তিলক ফুকনৰ আমাৰ সৈতে কোনো সম্পৰ্ক নাই: গণশক্তি

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 9:45 PM IST

thumbnail

জোনাই, ১২ অক্টোবৰ : গুৱাহাটীৰ ৰাজীৱ ভৱনত সন্মিলিত গণশক্তি দলৰ সম্পাদক হিচাবে পৰিচয় দি কংগ্ৰেছ দলত যোগদান কৰা চিলাপথাৰৰ ব্যৱসায়ী তিলক ফুকনক উভতি ধৰিছে গণশক্তিৰ নেতা-কৰ্মী সকলে ৷ বৃস্পতিবাৰে দিনৰ ২.৩০ বজাত গণশক্তিৰ চিচিবৰগাওঁ ব্লক কমিটীৰ সভাপতি দেৱ পেগুৱে সাংবাদিকৰ আগত অৱগত কৰে যে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধাক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত নিজকে গণশক্তি দলৰ সম্পাদক বুলি পৰিচয় দি কংগ্ৰেছত যোগদান কৰা তিলক ফুকনৰ গণশক্তিৰ সৈতে নাই কোনো ধৰণৰ সম্পৰ্ক ৷

তেওঁ কয় যে, সম্পাদকতো দূৰৰে কথা, গণশক্তি দলৰ এজন সাধাৰণ সদস্য তথা কৰ্মকৰ্তাও নহয় তিলক ফুকন ৷ তেওঁ পূৰ্বৰ পৰাই কংগ্ৰেছী হয় গতিকে পুনৰ কংগ্ৰেছত নাটকীয় ভাৱে যোগদান কৰিছে ৷ এইক্ষেত্ৰত গণশক্তিৰ নেতা হিচাবে পৰিচয় দি কিয় যোগদান কৰিব বুলি তিলক ফুকনক প্ৰশ্ন কৰে গণশক্তিৰ নেতাজনে ৷ লগতে ইয়াৰ স্পষ্টীকৰণ দিবলৈ গণশক্তিৰ নেতা গৰাকীয়ে তিলক ফুকনক দাবী জনায় ৷ 

লগতে পঢ়ক : Akhil Gogoi slams Congress: কংগ্ৰেছৰ সিদ্ধান্তই বিভেদ আনিব বিৰোধী ঐক্যত: অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.