ETV Bharat / state

পুনৰ আহি আছে বি এম আই টেষ্ট; মেদবহুল আৰক্ষীৰ বাবে হাতত সময় আছে তিনিমাহ - BMI TEST

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 8:34 PM IST

ASSAM POLICE BMI TEST: বিগত বৰ্ষৰ দৰে ১৬ আগষ্টৰ পৰা আৰম্ভ হ'ব বি এম আই টেষ্ট । এই কথা সদৰী কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে । বিগত বৰ্ষত অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ ৭০,১৬১ গৰাকী সদস্যৰ কৰা হৈছিল বি এম আই পৰীক্ষা । ইয়াৰ ভিতৰত মেদবহুল আছিল ১৭৪৮ গৰাকী আৰক্ষী ।

Etv BharatBMI TEST
পুনৰ বি এম আই টেষ্ট : মেদবহুল আৰক্ষীৰ বাবে সময় আছে তিনিমাহ (Etv Bharatetv bharat assam)

গুৱাহাটী, ১৭ মে' : ৰাজ্যত পুনৰ হ'ব বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং । মেদবহুল আৰক্ষী বিষয়া-জোৱানৰ বাবে পুনৰবাৰ আহি আছে শংকা । অসম আৰক্ষীক প্ৰকৃতাৰ্থত ফিট ৰখাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে বিগত বৰ্ষত আৰম্ভ হৈছিল বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং ।

অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-জোৱানক শাৰীৰিকভাৱে সক্ষম কৰি ৰাখিবৰ বাবে বিগত বৰ্ষৰ ১৬ আগষ্টৰ পৰা আৰম্ভ কৰা বি এম আই টেষ্ট এইবাৰো কৰাৰ কথা সদৰী কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ।

সামাজিক মাধ্যম যোগে ডিজিপি জি পি সিঙে প্ৰকাশ কৰে যে অসম আৰক্ষীৰ প্ৰথমটো বার্ষিক বি এম আই টেষ্টে এবছৰ সম্পূর্ণ কৰিলে ।

প্ৰথমবাৰ গ্ৰহণ কৰা পদক্ষেপৰ দ্বাৰা উৎসাহিত হৈ চলিত বৰ্ষত পুনৰবাৰ সকলো আৰক্ষীৰে শাৰীৰিক সক্ষমতা পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হৈছে । অহা ১৬ আগষ্টৰ পৰা এই পৰীক্ষা আৰম্ভ কৰাৰ কথা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সদৰী কৰে ।

আনহাতে চলিত বৰ্ষত হ'বলগীয়া বি এম আই পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰি তেওঁ সকলো আৰক্ষী বিষয়া আৰু জোৱানক বি এম আই পৰীক্ষাৰ বাবে সাজু হ'বলৈ আহ্বান জনায় ।

বিগত বৰ্ষৰ বি এম আই টেষ্ট :

অসম আৰক্ষীক প্ৰকৃতাৰ্থত ফিট ৰখাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে ২০২৩ বৰ্ষৰ ১৬ আগষ্টৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছিল বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং ।

মেদবহুলতাৰ বাবে অভাৰৱেট হৈ পৰা আৰক্ষীৰ লোকসকলক নিজকে ফিট কৰাৰ বাবে প্ৰথমে সময়সীমা দিয়া হৈছিল । এইবাৰো তিনি মাহ পূৰ্বে জনাই দিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । বিগত বৰ্ষত দিয়া সময়সীমাৰ অন্ত পৰাৰ পিছত আৰম্ভ হৈছিল বি এম আই পৰীক্ষা ।

ৰাজ্যৰ ৩৫ টা স্থানত অসম আৰক্ষীৰ বাবে চলা এই পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ ৩১ আগষ্টত সমাপ্ত হৈছে । বিগত বৰ্ষৰ ১৬ আগষ্টত গুৱাহাটীৰ কাহিলিপাৰাস্থ চতুৰ্থ অসম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজে বি এম আই পৰীক্ষাৰ সন্মুখীন হৈ এই কাৰ্যসূচীৰ শুভাৰম্ভনি কৰিছিল ।

লগতে পঢ়ক: অসম আৰক্ষীৰ BMI টেষ্টৰ দ্বিতীয় পৰ্যায় : যোৰহাটত পৰীক্ষা আৰম্ভ

বিগত বৰ্ষত অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ ৭০,১৬১ গৰাকী সদস্যৰ বি এম আই পৰীক্ষা সম্পন্ন কৰা হৈছিল । ইয়াৰ ভিতৰত ১৭৪৮ গৰাকী সদস্য মেদবহুল হিচাপে ধৰা পৰিছিল । অৰ্থাৎ ৩০ প্লাছ বি এম আইৰ আৰক্ষীৰ সংখ্যা আছিল ১৭৪৮ গৰাকী । পৰীক্ষা কৰা আৰক্ষীৰ লোক সকলৰ ভিতৰত ২.৪৭ শতাংশৰ মাজত মেদবহুলতাৰ সমস্যা আছিল । মেদবহুলতাৰ সমস্যা থকাসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল ।

উল্লেখ্য যে, অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে অসম আৰক্ষীত এজনো মেদবহুল বিষয়া-জোৱান থকাটো বিচৰা নাই । যাৰ বাবে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।

উল্লেখ্য যে, বি এম আই পৰীক্ষা উচ্চতা, ওজন আৰু বয়সৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয় । এই পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে আৰক্ষীৰ লোকসকলক তিনি মাহৰ সময় দিয়া হৈছিল আৰু সেই সময়সীমাৰ পাছত বি এম আই পৰীক্ষা আৰম্ভ কৰা হৈছিল । ইয়াৰ বাবে অসম আৰক্ষীৰ এটা ডাটাবেছ বনোৱা হৈছিল । যাতে অসম আৰক্ষীৰ লোকসকলৰ তথ্য মজুত থাকে ।

লগতে পঢ়ক: আজি অসম আৰক্ষীৰ দ্বিতীয় পৰ্যায়ৰ BMI পৰীক্ষা

উল্লেখ্য যে, বিগত বৰ্ষতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনাইছিল যে এই বছৰৰ পৰা বি এম আইৰ লগত ব্লাড প্ৰেচাৰ আৰু ব্লাড চুগাৰ টেষ্ট কৰাৰ ব্যৱস্থা কৰা হ'ব । ইয়াৰ পৰৱৰ্তী সময়ত চিটি স্কেন, এক্সৰে’ আৰু আল্ট্ৰাচাউণ্ড কৰাৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব অসম আৰক্ষীয়ে ।

বিগত বৰ্ষত বি এম আই পৰীক্ষাত সকলো আই পি এছ বিষয়া, এ পি এছ বিষয়াকে ধৰি অসম আৰক্ষীৰ অন্যান্য বিষয়াৰ পৰা জোৱানলৈ সকলো অৱতীৰ্ণ হৈছিল । এইবাৰো সকলো এই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব । এই পৰীক্ষাৰ বাবে মাজত তিনি মাহ সময় আছে ।

লগতে পঢ়ক: Assam Police BMI test: BMI পৰীক্ষাৰ ফলাফল ওলাল; ১৭৪৮ গৰাকী আৰক্ষী অনুত্তীৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.