অসম আৰক্ষীৰ BMI টেষ্টৰ দ্বিতীয় পৰ্যায় : যোৰহাটত পৰীক্ষা আৰম্ভ

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 3:51 PM IST

Updated : Jan 2, 2024, 3:58 PM IST

thumbnail

যোৰহাট, 2 জানুৱাৰী : আজিৰ পৰা অৰ্থাৎ 2 জানুৱাৰীৰ পৰা পুনৰ অসম আৰক্ষীৰ BMI পৰীক্ষা আৰম্ভ হৈছে । গুৱাহাটী আৰু শিলচৰৰ লগতে যোৰহাট জিলাৰ বৰভেটাত থকা আৰক্ষী ছাউনীত এই পৰীক্ষা অনুষ্ঠিত হৈছে ৷ উজনি অসমৰ বহু কেইখন জিলাৰ পৰা প্ৰায় 5 শতাধিক আৰক্ষীৰ জোৱান আহি এই শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷ অহা 6 জানুৱাৰীলৈ অনুষ্ঠিত হ’ব এই BMI টেষ্ট ৷ সমগ্ৰ ৰাজ্যৰ 1,884 গৰাকী আৰক্ষী বিষয়া-কনিষ্টবলে এই শাৰীৰিক পৰীক্ষাত অংশগ্ৰহণ কৰিব ৷

2023 চনৰ 16 আগষ্টত প্ৰথমটো BMI টেষ্ট সম্পন্ন হৈছিল ৷ ৰাজ্যখনৰ 35 টা স্থানত অনুষ্ঠিত হৈছিল এই BMI টেষ্ট ৷ দেশৰ ভিতৰতে অসম আৰক্ষীক সফল আৰক্ষী হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে অসমত প্ৰথমবাৰ বাবে অনুষ্ঠিত কৰা হৈছে এই শাৰীৰিক পৰীক্ষা।

লগতে পঢ়ক: ৩১ ডিচেম্বৰৰ নিশা হাতীগাঁৱত গুলীচালনাৰ ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ

Last Updated : Jan 2, 2024, 3:58 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.