ETV Bharat / state

৩১ ডিচেম্বৰৰ নিশা হাতীগাঁৱত গুলীচালনাৰ ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 12:45 PM IST

Firing incident in Hatigaon: ৩১ ডিচেম্বৰৰ নিশা মহানগৰীৰ ৰাজপথত সংঘটিত হোৱা গুলীচালনাৰে জড়িত দুজনক গ্ৰেপ্তাৰ হাতীগাঁও আৰক্ষীৰ ৷

Etv Bharat HATIGOAN FIRING
৩১ ডিচেম্বৰৰ নিশা হাতীগাঁৱত গুলীচালনাৰ ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ

৩১ ডিচেম্বৰৰ নিশা হাতীগাঁৱত গুলীচালনাৰ ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ

গুৱাহাটী, ২ জানুৱাৰী: ৩১ ডিচেম্বৰৰ নিশা মহানগৰীত গুলীচালনাৰ ঘটনা সন্দৰ্ভত সোমবাৰে দুজনক গ্ৰেপ্তাৰ কৰিছে হাতীগাঁও আৰক্ষীয়ে । সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰি সোমবাৰে নিশা হাতীগাঁও হাউছিঙৰ পৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত দুই যুৱকৰ নাম কবীৰ আলী আহমেদ আৰু নুৰুল হুছেইন বুলি জানিব পৰা গৈছে ৷

সম্প্ৰতি দুই যুৱকক জেৰা অব্যাহত ৰাখিছে হাতীগাঁও আৰক্ষীয়ে। ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে ধৃত দুই যুৱকক । উল্লেখ্য যে, ৩১ ডিচেম্বৰৰ নিশা মহানগৰীৰ ৰাজপথত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা। হাতীগাওঁ থানাৰ সন্মুখতে নাকা চেকিঙৰ সময়ত সংঘটিত হৈছিল এই ঘটনা । এখন স্ক’ৰপিঅ’ বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল হাতীগাঁও আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণী মতে, যোৱা ৩১ ডিচেম্বৰৰ নিশা সুৰাপায়ীৰ বিৰুদ্ধে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাইছিল আৰক্ষী তথা পৰিবহন বিভাগে। তেনে সময়তে হাতীগাঁৱত চলা নাকী চেকিঙত আৰক্ষীৰ বাধা নেওচি তীব্ৰ বেগেৰে ওলাই গৈছিল এখন স্ক'ৰপিঅ’ বাহন।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে জানিবলৈ দিয়ামতে, প্ৰথমে এখন ডাম্পাৰৰ লগত দুৰ্ঘটনা সংঘটিত হৈছিল বাহনখনৰ । তাৰ পিচত হাতীগাঁও আৰক্ষীয়ে বাহনখনক ৰ’বলৈ নিৰ্দেশ দিছিল যদিও আৰক্ষীৰ বাধা নেওচি তীব্ৰ বেগেৰে ওলাই গৈছিল বাহনখন। তাৰ পিচতেই বাহনখনলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলাইছিল গুলী।

তাৰ পিচতে ১ জানুৱাৰীৰ দিনা হাতীগাঁও আৰক্ষীয়ে এই ঘটনাটো গুলীচালনাৰ ঘটনা নহয় বুলি উল্লেখ কৰিছিল । কিন্তু যোৱা নিশা এই ঘটনাৰ লগত জড়িত দুই যুৱকক গ্ৰেপ্তাৰৰ লগতে ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ পিচতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে‌ । বৰ্তমানেও ৰহস্যৰ আৱৰ্তত আছে সমগ্ৰ ঘটনা ৷

লগতে পঢ়ক: 8 মহীয়া অন্তঃসত্বা মহিলাৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.