Rail Official Arrested: লামডিঙত ৰে’লৱে ভিজিলেঞ্চৰ অভিযান; হাতে-লোটে আটক ৰে’লৱে কৰ্মচাৰী

By

Published : Jul 13, 2023, 11:14 AM IST

thumbnail

নগাঁও, 13 জুলাই : অসম আৰক্ষী তথা দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ সমান্তৰালভাৱে অব্যাহত আছে ৰে’লৱে ভিজিলেঞ্চৰ অভিযান ৷ এইবাৰ উংকোচ লৈ ৰে’লৱে ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হ’ল ৰে’ল বিভাগৰ এজন কৰ্মচাৰী ৷ ৰে’লৱে ভিজিলেঞ্চে হাতে-লোটে আটক কৰে ৰে’লৱে কৰ্মচাৰীজনক ৷

লামডিঙ ৰেলৱে ষ্টেচনৰ ফুট অভাৰ ব্ৰীজত উৎকোচ লোৱাৰ সময়ত হাতে-লোটে আটক হয় ৰে’লৱে কৰ্মচাৰীজন ৷ অভিযুক্ত ৰে’ল কৰ্মচাৰীজন চিফ লোকো পাইলট -কে কে সামন্ত বুলি জানিব পৰা গৈছে ৷ ভিজিলেঞ্চৰ গোপন সূত্ৰৰ মতে কোনো ব্যক্তিৰ পৰা টকা লোৱাৰ সময়ত জালত পৰে অভিযুক্ত কে কে সামন্ত ৷ 

বৰ্তমান ভিজিলেঞ্চে নিজাববীয়াকৈ এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ইফালে ভিজিলেঞ্চৰ হাতত আটক হোৱাৰ পিছতেই ৰে’ল বিভাগে কে কে সামন্তক চাকৰিৰ পৰা নিলম্বন কৰে ৷

লগতে পঢ়ক: CRPF recruitment exam: পৰীক্ষা দিব লৈ আহি ধৰা পৰিল বহি:ৰাজ্যৰ ভুৱা পৰীক্ষাৰ্থী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.