ETV Bharat / state

CRPF recruitment exam: পৰীক্ষা দিব লৈ আহি ধৰা পৰিল বহি:ৰাজ্যৰ ভুৱা পৰীক্ষাৰ্থী

author img

By

Published : Jul 12, 2023, 10:16 PM IST

Updated : Jul 12, 2023, 10:37 PM IST

অসমৰ নিৱনুৱাৰ ভাত মুঠি কাঢ়ি খোৱাৰ ষড়যন্ত্ৰ কৰিছে বহি:ৰাজ্য ভুৱা পৰীক্ষাৰ্থীয়ে ৷ আচৰিত যে অসমৰ চৰকাৰী বিষয়াই যোগান ধৰে বহি:ৰাজ্যৰ প্ৰাৰ্থীক চৰকাৰী প্ৰমাণ-পত্ৰ !

outstation candidates found appearing with fake documents
পৰীক্ষাত বহিছেহি বহি:ৰাজ্যৰ ভুৱা পৰীক্ষাৰ্থীয়ে

পৰীক্ষাত বহিছেহি বহি:ৰাজ্যৰ ভুৱা পৰীক্ষাৰ্থীয়ে

যোৰহাট, 12 জুলাই : পৰীক্ষা দিবলৈ গৈ পৰীক্ষাৰ্থীয়ে ভুৱা পৰীক্ষাৰ্থীক ধৰি গতাই দিলে আৰক্ষীক ৷ যোৰহাট জিলাত সংঘটিত হৈছে এই ঘটনা ৷ দৰাচলতে CRPF ৰ এটা পৰীক্ষাত বহি:ৰাজ্যৰ পৰা অহা যুৱকক ধৰি আৰক্ষীক গতালে পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ অহা অন্য ছাত্ৰই ।

outstation candidates found appearing with fake documents
পৰীক্ষাত বহিছেহি বহি:ৰাজ্যৰ ভুৱা পৰীক্ষাৰ্থীয়ে

জানি আচৰিত হ’ব যে, যোৰহাটৰ এটা পৰীক্ষা কেন্দ্ৰত বুধবাৰে চলি আছিল CRPF ৰ এটা পৰীক্ষা । এই পৰীক্ষা দিবলৈ অসমৰ বিভিন্ন স্থানৰ যুৱক-যুৱতীসকল আহি উপস্থিত হৈছিল ৷ সেই সময়তে বিহাৰৰ পৰা এই পৰীক্ষা দিবলৈ অসমলৈ অহা 3 জন যুৱকক দেখি সোধা-পোচা কৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী। ভুৱা প্ৰমাণ-পত্ৰ লৈ এই পৰীক্ষাত বহিবলৈ আহিছিল তেওঁলোক ৷ জেৰাত খোদ এই কথা স্বীকাৰ কৰে বহি ৰাজ্যৰ যুৱককেইজনে ।

অসমৰে চৰকাৰী বিষয়াই মাত্ৰ কেইটিমান টকাৰ লোভত এনে ধৰণৰ বহি:ৰাজ্যৰ পৰীক্ষাৰ্থীসকলক কাগজ-পত্ৰ যোগান ধৰি পৰীক্ষাত বহিবলৈ সুবিধা কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে, CRPF ৰ এই পৰীক্ষাৰ বাবে প্ৰতি ৰাজ্যতে এই পৰীক্ষাৰ পদসমূহ ভাগ ভাগ কৰি দিয়া হয়, যাৰ ফলত প্ৰতিখন ৰাজ্যৰে ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে ।

কিন্তু কি পৰিস্থিতিত বহি:ৰাজ্যৰ পৰীক্ষাৰ্থী সকলে অসমত অসমৰ লৰা-ছোৱালীৰ বাবে নিৰ্ধাৰিত পদৰ বাবে পৰীক্ষাত বহিবলৈ আহে সেইটোহে মন কৰিবলগীয়া কথা ৷ নিশ্চয়কৈ ইয়াৰ অন্তৰালত জড়িত হৈ আছে কেতবোৰ ৰহস্য । অসমৰ বাবে সংৰক্ষিত পদত যাতে কোনো বহি:ৰাজ্যৰ যুৱকে পৰীক্ষা দিব নোৱাৰে তাৰ ওপৰত চকু ৰাখিবলৈ চৰকাৰক দাবী জনোৱাৰ উপৰিও কোন কোন বিষয়াই ভুৱা প্ৰমাণ পত্ৰ উলিয়াই এই সকলক পৰীক্ষাত বহিবলৈ সুবিধা কৰি দিয়ে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ৷ লগতে ভৱিষ্যতে এনে কাৰ্য কৰি অসমৰ যুৱক-যুৱতীসকলৰ জীৱনক লৈ হেতালি নেখেলিবলৈ সকীয়াই দিয়ে পৰীক্ষাৰ্থীসকলে ।

লগতে পঢ়ক : Jorhat News : আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত মেৰাপানীৰ এগৰাকী মহিলা

Last Updated : Jul 12, 2023, 10:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.