Akhil Gogoi: বিৰোধিতা নকৰিলেও সমৰ্থনো কৰিব নোৱাৰি মহিলা সংৰক্ষণ আইনক; কিয় ক’লে অখিল গগৈয়ে

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 5:46 PM IST

Updated : Sep 23, 2023, 7:41 PM IST

thumbnail

সৰুপথাৰ, 23 ছেপ্টেম্বৰ: শনিবাৰে সৰুপথাৰ সমষ্টিৰ টেঙানীত উপস্থিত হ’ল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ৷ সংবাদ মাধ্যমৰ আগত ‘মহিলা সংৰক্ষণ আইন’ক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে ৷  

আইনখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক গগৈয়ে কয়, ‘‘মহিলা সংৰক্ষণ আইনখন অদ্ভূত ধৰণৰ ৷ দিল্লীৰ লাড়ু খালেও পস্তাৱ, নাখালেও পস্তাৱ বুলি কোৱাৰ দৰে কথা ৷ কাৰণ এই আইনখন সমৰ্থন নকৰাকৈ থাকিব নোৱাৰে, কিয়নো মহিলাৰ সংৰক্ষণ থাকিব লাগে ৷ 33 শতাংশৰ ঠাইত 50 শতাংশই হ’ব লাগে ৷ কিন্তু বিজেপিয়ে অনা এই আইনখন সমৰ্থনো কৰিব নোৱাৰি ৷’’

ইয়াৰ কাৰণ সন্দৰ্ভত অখিল গগৈয়ে কয়, ‘‘চৰকাৰে বিলখনত আগন্তুক প্ৰতিটো নিৰ্বাচনতে (পঞ্চায়তৰ পৰা লোকসভালৈ) মহিলাৰ বাবে 50 শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিছিল ৷ কিন্তু ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 81, 82  আৰু 170 অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ 2026 চনৰ লোকপিয়লৰ পাচতহে হ’ব ৷ মহিলা সংৰক্ষণ আইনখনো সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পাচতহে কাৰ্যকৰী হ’ব ৷ এনে অৱস্থাত 2034 চনৰ পৰাহে এই বিলখন কাৰ্যকৰী হ’ব ৷’’

ইফালে টেঙানীত উপস্থিত হৈ টেঙানীক আৰ্দশগত জীৱনৰ জন্মভূমি বুলি কয় অখিল গগৈয়ে ৷ তেওঁ কয়, ‘‘টেঙানীতেই সংগ্ৰামৰ আদিপাঠ শিকাৰ ওপৰিও জীৱনৰ বাস্তৱতাৰ মুখামুখি হৈছিলোঁ ৷ বহুতে টেঙানীত মোৰ নামত 500 বিঘা বাগান মাটি আছে বুলি কয়, কিন্তু অসমৰ ক’তোৱেই মোৰ মাটি নাই ৷’’ এই প্ৰচাৰক ভুৱা আখ্যা অখিল গগৈৰ ৷

লগতে পঢ়ক: Assam AAP: RSS নেতা কৌশিক শৰ্মা আৰু ভাতৃ সুৰেশ শৰ্মাক গ্ৰেপ্তাৰৰ দাবী আপৰ; চাকৰিৰ নামত ধন লোৱাৰ অভিযোগ

Last Updated : Sep 23, 2023, 7:41 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.