Assam AAP: RSS নেতা কৌশিক শৰ্মা আৰু ভাতৃ সুৰেশ শৰ্মাক গ্ৰেপ্তাৰৰ দাবী আপৰ; চাকৰিৰ নামত ধন লোৱাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 5:05 PM IST

thumbnail

গুৱাহাটী, 23 ছেপ্টেম্বৰ: আৰ এছ এছ (RSS) নেতা কৌশিক শৰ্মা আৰু ভাতৃ সুৰেশ শৰ্মাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে আম আদমী পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই । শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন‌ সংবাদমেলত আম আদমী পাৰ্টিৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই এই দাবী জনাই কয় যে আৰ এছ এছ নেতা কৌশিক শৰ্মা আৰু ভাতৃ সুৰেশ শৰ্মাক ধন লৈ থকা ভিডিঅ’ ভাইৰেল হৈছে । 

তেওঁ কয় যে সুৰেশ শৰ্মাই কেইবাগৰাকী মহিলাৰ পৰা চাকৰি দিয়াৰ নামত ধন লৈছে । আকৌ নলবাৰীৰ আৰ এছ এছৰ (RSS) বৌদ্ধিক প্ৰমূখ আৰ এছ এছ নেতা কৌশিক শৰ্মাই সৰভোগ আৰু বৰপেটা জিলাৰ বিতৰ্ক সন্দৰ্ভত উচটনিমূলক আৰু ঘৃণাসূচক মন্তব্য দিছে । 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দুয়োজনক গ্ৰেপ্তাৰ কৰাৰ সাহস হ'ব নে বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ কয় যে চাকৰি দিয়াৰ প্ৰলোভন দি ধন লৈ পলাতক হৈ থকা বিজেপিৰ কৰ্মী অভিমন্যু দাসক আৰক্ষীয়ে আজিলৈকে বিচাৰি উলিয়াব পৰা নাই । এয়াই নেকি অসমৰ স্মাৰ্ট পুলিচ ৷ 

লগতে পঢ়ক: Assam CM wife vs MP Gaurav Gogoi : সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.