ETV Bharat / state

Assam CM wife vs MP Gaurav Gogoi : সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 10:26 AM IST

Updated : Sep 24, 2023, 9:56 AM IST

সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী পত্নী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাৰ 10 কোটি টকাৰ মানহানিৰ গোচৰ ৷ শুকুৰবাৰে আনুষ্ঠানিকভাৱে গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে ৰিণিকি ভূঞা শৰ্মাই ৷ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰণালয়ৰ 'প্রধানমন্ত্রী কিষাণ সম্পদ যোজনা' আঁচনিৰ অধীনত 10 কোটি টকা ৰাজসাহায্য লাভ কৰা বুলি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অভিযোগ আনি সৰৱ হৈ পৰিছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে ।

Assam CM wife vs MP Gaurav Gogoi
সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে

গুৱাহাটী, 23 ছেপ্টেম্বৰ: এইবাৰ হুংকাৰ নহয়, সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আইনৰ কাষ চাপিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাই ৷ গৌৰৱ গগৈৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানি গোচৰ ৰুজু মুখ্যমন্ত্রী পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ৷

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াভাৱে মুখ্যমন্ত্ৰীৰ পত্নীৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত 10 কোটি টকাৰ ৰাজসাহাৰ্য বিতৰ্কই ৰাজ্যৰ লগতে সমগ্ৰ দেশতে তোলপাৰ লগোৱা পৰিলক্ষিত হৈছিল ৷ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰণালয়ৰ 'প্রধানমন্ত্রী কিষাণ সম্পদ যোজনা' আঁচনিৰ অধীনত 10 কোটি টকা ৰাজসাহায্য লাভ কৰা বুলি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অভিযোগ আনি সৰৱ হৈ পৰিছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে । এই প্ৰসংগক লৈ মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত সামাজিক মাধ্যম X যোগে হোৱা বিতৰ্কই ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছিল বিশেষ চৰ্চা ৷

আনহাতে এই অভিযোগক নস্যাৎ কৰি সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শর্মাই । পৰৱৰ্তী সময়ত কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতত ৰিণিকি ভূঞা শৰ্মাই শুকুৰবাৰে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰে । মন কৰিবলগীয়া যে সাংসদ গৌৰৱ গগৈয়ে কেন্দ্রীয় খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্রণালয়ৰ ৱেবচাইটৰ উদ্ধৃতিৰে ৰিণিকি ভূঞা শৰ্মাৰ নামত থকা কোম্পানীয়ে ৰাজসাহায্য লাভ কৰাৰ তথ্য আছে বুলি প্ৰকাশ কৰিছিল ।

গৌৰৱ গগৈৰ উক্ত টুইটৰ বিপৰীতে প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী শৰ্মায়ো তেওঁৰ পত্নীৰ কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো বিত্তীয় ৰাজসাহায্য লোৱাটো প্রমাণিত হ’লে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলিও টুইট যোগে ঘোষণা কৰিছিল । আনহাতে যোৱা 18 ছেপ্টেম্বৰত সামাজিক মাধ্যম X ত ভিডিঅ’ যোগে এই প্ৰসংগত নিজৰ স্পষ্টীকৰণ প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি শৰ্মা ভূঞাই ৷ তেওঁ দাবী কৰিছিল যে পি এম কিষাণ সম্পদ আঁচনিৰ সৈতে জড়িত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে সকলো যোগ্যতাৰ মাপকাঠী পূৰণ কৰাৰ পিছতো চৰকাৰী ৰাজসাহায্যৰ এক পইচাও দাবী কৰা নাই বা লাভ কৰা নাই ।

লগতে ৰিণিকি ভূঞা শৰ্মাই আইনৰ প্ৰতিটো দিশ মানি চলি থকা 17 বছৰীয়া অসমীয়া উদ্যোগ এটাক অপযশ আৰু বদনামী কৰাৰ কৌশল বুলি অভিহিত কৰিছল ৷ সাংসদ গৌৰৱ গগৈৰ আক্ৰমণক গৰিহণাযোগ্য আখ্যা দি নাম জড়িত হোৱা নিজৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ সুনাম ৰক্ষা কৰিবলৈ সাংসদ গৰাকীৰ বিৰুদ্ধে আদালতত 10 কোটি টকা ক্ষতিপূৰণৰ মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা চিন্তা কৰিবলৈ বাধ্য হৈছে বুলি প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি শৰ্মা ভূঞাই ৷

অৱশেষত শুকুৰবাৰে আনুষ্ঠানিকভাৱে গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিলে ৰিণিকি ভূঞা শৰ্মাই ৷ এতিয়া অপেক্ষা আদালতৰ কাৰ্য ক্ৰমণিকালৈ ৷

লগতে পঢ়ক: Rana Goswami: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী; সাংসদ পল্লৱ লোচন দাসক ধন্যবাদ ৰাণা গোস্বামীৰ

Last Updated :Sep 24, 2023, 9:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.