Rana Goswami: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী; সাংসদ পল্লৱ লোচন দাসক ধন্যবাদ ৰাণা গোস্বামীৰ
Published: Sep 19, 2023, 8:30 PM

Rana Goswami: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী; সাংসদ পল্লৱ লোচন দাসক ধন্যবাদ ৰাণা গোস্বামীৰ
Published: Sep 19, 2023, 8:30 PM
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ প্ৰসংগ উল্লেখ কৰি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসক ধন্যবাদ জনালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ কিন্তু কিয় ? পঢ়ক এই প্ৰতিবেদন...
তেজপুৰ, 19 ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ভূমি কেলেংকাৰী আৰু 10 কোটি টকাৰ ৰাজসাহায্যক লৈ কেৱল অসমতেই নহয়, সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ ইতিমধ্যেই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ এই সন্দৰ্ভত ‘X’ (পূৰ্বৰ টুইটাৰ) আৰু সংবাদমেলযোগে সৰৱ হৈছে ৷
ৰাজ্যসাহায্য আৰু ভূমি কেলেংকাৰীক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছে পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি সাংসদ পল্লৱ লোচন দাসক ধন্যবাদ জ্ঞাপন কৰিছে ৷ মঙলবাৰে শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত সাংবাদিকৰ সৈতে মত বিনিময় কৰি পল্লৱ লোচন দাসক ধন্যবাদ জনায় প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰাণা গোস্বামীয়ে ৷
সাংসদ পল্লৱ লোচন দাসে লোকসভাত দাখিল কৰা প্ৰশ্নৰ সহাৰি জনাই কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে দাখিল কৰা উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে 10 কোটি টকাৰ ৰাজসাহায্য পোৱাৰ কথাটো পোহৰলৈ অহা বুলি উল্লেখ কৰি ৰাণা গোস্বামীয়ে তেজপুৰৰ সাংসদগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৷
তেওঁ লগতে কয় যে এই ৰাজসাহায্য হয়তো মুখ্যমন্ত্ৰী পৰিয়ালে নলবও পাৰে কিন্তু এক নজিৰবিহীন ঘটনা সংঘটিত হৈছে, কাৰণ মুখ্যমন্ত্ৰীৰ পৰিয়ালত এই ৰাজসাহায্য সোমাইছে । আনহাতে দেশৰ নাম সলনিক লৈ মন্তব্য কৰি তেওঁ কয় যে ইতিহাস কেতিয়াও মচিব নোৱাৰে ৷ পূৰ্বতে দেশ স্বাধীন হোৱাৰ পিছত শ্যামা প্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত দেশৰ নাম ইণ্ডিয়া / ভাৰত বুলি লিখাৰ বাবে সংবিধানত উল্লেখ আছিল ৷ কিন্তু ভাৰত বুলি লিখিব বিচাৰিছে কাৰণ বিৰোধী ঐক্যৰ নাম I.N.D.I.A.ক লৈ চৰকাৰ বিপদত পৰিছে আৰু সেই বাবেই নাম সলনিৰ বাবে উঠি পৰি লাগিছে ।
তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচনত চৰকাৰ ধাৰাসায়ী হোৱাৰ ভয়ত এতিয়া এনে ধৰণৰ কাম কৰিবলৈ আৰম্ভ কৰিছে ৷ আনহাতে বিৰোধী মঞ্চত AIUDF সোমাব নোৱাৰি বিজেপিৰ লগত মিতিৰালি কৰি অসমত চটফটাই আছে ৷
