Effigy burnt in Kaliabar: কলিয়াবৰত মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:51 PM IST

thumbnail

কলিয়াবৰ,৩০ আগষ্ট: বৰ্তমান চৰকাৰখন দিনত সকলো স্তৰতে চলি থকা অৰাজক পৰিৱেশত ক্ষোভিত শোষিত জনগণ । এনে এক ভয়ানক পৰিৱেশ নিয়ন্ত্ৰণত ব‍্যৰ্থ অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে কলিয়াবৰৰ ৰাজপথ । কলিয়াবৰ যুৱ কংগ্ৰেছৰ নেতৃত্বত বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচীত সাধাৰণ জনগণৰ ক্ষোভৰ প্ৰমাণ পোৱা গ'ল ।  

চৰকাৰী চাকৰিৰ দালালী বন্ধ কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰা, টোল গেট বন্ধ কৰা, বিভিন্ন কৰ-কাটল বৃদ্ধি ৰোধ কৰাৰ দাবীত কলিয়াবৰ তিনিআলিত কলিয়াবৰ যুৱ কংগ্ৰেছে বুধবাৰে এক এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । অসম চৰকাৰ হায়-হায়, বিজেপি হায়-হায়, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, বেটি বচাও মোদী হাতাও আদি ধ্বনিৰে ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে প্ৰতিবাদীসকলে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি প্ৰতিবাদীকাৰীসকলে ৰাজপথত দাহ কৰে ।  

লগতে পঢ়ক: Sanjoy Kishan handed over cheques:মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক প্ৰদান শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.