Sanjoy Kishan handed over cheques:মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক প্ৰদান শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:53 PM IST

thumbnail

তিনিচুকীয়া, ৩০ আগষ্ট : বুধবাৰে কেইবাগৰাকীও ৰোগী আৰু শিক্ষাৰ্থীক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক প্ৰদান কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৷ তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ৷

তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত নিজা বাসগৃহতে তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৭০ গৰাকী বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগী আৰু শিক্ষাৰ্থীক বুধবাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ এককালীন আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে মন্ত্ৰীজনে  ৷ চেক প্ৰদান কৰাৰ পাচতে আগন্তুক দিনসমূহত এই সাহায্যৰ জৰিয়তে ৰোগীসকলৰ চিকিৎসাৰ কাৰণে আৰু শিক্ষাৰ্থীসকল শৈক্ষিকভাৱে আগুৱাই যোৱাৰ কাৰণে সুবিধা হ’ব বুলি মন্তব্য কৰে ৷ ইয়াৰ লগতে এই আঁচনিয়ে এনেদৰে আৰ্থিকভাৱে পিছ পৰি থকা লোকসকল যথেষ্ট ধৰণে উপকৃত কৰিছে বুলিও মন্তব্য কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৷

লগতে পঢ়ক : Gohpur Tea Factory Tragedy:ডফলাগড় চাহ বাগিচাৰ মৃত শ্ৰমিক সুখমন মুণ্ডাৰ ঘৰত উপস্থিত মন্ত্ৰী সঞ্জয় কিষাণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.